NORTHEAST NOW (Assamese)

ডোনাল্ড ট্ৰাম্প আৰু মেলানিয়া ট্ৰাম্পক সংগ দিয়া বিশেষ মহিলা গৰাকী কোন?

February 25, 2020 10:34 am · এন ই নাও নিউজ
ডোনাল্ড ট্ৰাম্প

ভাৰত ভ্ৰমণলৈ অহা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলানিয়া ট্ৰাম্পক সংগ দিয়া ভাৰতীয় মহিলা গৰাকী কোন?

সোমবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু পত্নী মেলানিয়াক আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত স্বাগতম জনাইছিল।

বিমান বন্দৰৰ পৰা ট্ৰাম্প দম্পতীক এগৰাকী মহিলাই সবৰমতী আশ্ৰমলৈ সংগ দিয়া সকলোৰে দৃষ্টিগোচৰ হয়।

ট্ৰাম্প দম্পতীৰ সৈতে দেখা ইণ্ডো-আমেৰিকান মহিলা গৰাকী হৈছে গুৰদীপ চাওলা। ডোনাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়ত চাওলাই দোভাষী হিচাপে কাম কৰি আছে।

গুৰদীপ চাওলাই বিগত ২৭ বছৰ ধৰি দোভাষী হিচাপে কৰ্মৰত হৈ আছে। ১৯৯০ চনত গুৰদীপ চাওলাই সংসদ ভৱনত ২১ বছৰ বয়সত দোভাষী হিচাপে কৰ্মত যোগদান কৰিছিল।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ ২০১৫ চনৰ ভাৰত ভ্ৰমণৰ সময়তো গুৰদীপ চাওলা দোভাষী হিচাপে উপস্থিত আছিল।

ভাৰত-আমেৰিকা আৰু কানাডাৰ মাজত অনুষ্ঠিত হোৱা প্ৰায় প্ৰতিখন উচ্চপৰ্য্যায়ৰ বৈঠকত গুৰদীপক প্ৰায়ে দেখা যায়।

গুৰদীপ চাওলাই ৰাষ্ট্ৰসংঘৰ মজিয়াত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰথমটো ভাষণ হাতত এখনো কাগজ নহোৱাকৈ অনুবাদ কৰিছিল।

গুৰদীপ চাওলাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাৰাক ওবামাৰ মাজত ওৱাশ্বিংটন ডিচিত অনুষ্ঠিত হোৱা বৈঠকৰ সময়তো দোভাষী হিচাপে উপস্থিত আছিল।

Related News