NORTHEAST NOW (Assamese)
চলচ্চিত্ৰ

কোটি কোটি টকাৰ জালিয়াতি কৰি আদালৰ ৰোষত কোন এইগৰাকী মোহময়ী অভিনেত্ৰী?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 8, 2023 4:43 pm

 অহা ১১ আগষ্টত ৰূপালী পৰ্দাত মুক্তি পাবলৈ গৈ আছে গদ্দৰ ২’। পাঁচ বছৰৰ মূৰত এই ছবিখনেৰ মাধ্যমেৰে বলীউডলৈ ঘূৰি আহিছে  মোহময়ী অভিনেত্ৰী আমিছা পেটেল। 

এই ছবিখনত তেওঁ ছানী দেউলৰ সৈতে অভিনয় কৰিছে। কিন্তু ছবিখন মুক্তি পোৱাৰ আগতেই বিপদত পৰিছে অভিনেত্ৰীগৰাকী । চেক বাউন্স আৰু ২.৫ কোটি টকাৰ জালিয়াতিৰ গোচৰত অভিনেত্ৰীগৰাকীৰ আবেদন নাকচ কৰিছে ৰাঁচী আদালতে।

Posterhouzz Amisha Patel Actresses India Amisha Patel Shades Glasses  Gorgeous Ameesha Patel HD Wall Poster (18 inch X 12 inch, Rolled) _  PPHHNOLDPRSNLTSHEITO000'-129 : Amazon.in

আমিছা বলীউডত জনপ্ৰিয় হৈ পৰিছিল ‘কহো না প্যাৰ হ্যায়’ নামৰ ছবিখনৰ জৰিয়তে। কেৰিয়াৰৰ আৰম্ভণি যথেষ্ট ভাল আছিল আমিছাৰ। তেওঁৰ অন্যতম সফল ছবি আছিল গদ্দৰ। এতিয়া তেওঁ গদৰ ২ৰ সৈতে বহুদিনৰ মূৰত ৰূপালী পৰ্দালৈ ঘূৰি আহিছে। কেইদিনমানৰ পিছত মুক্তি লাভ কৰিব ছবিখনে। কিন্তু তাৰ আগতেই আইনী জটিলতাৰ মাজত সোমাই পৰিছে অভিনেত্ৰীগৰাকী।

Ameesha Patel Wiki, Age, Biography, Boyfriend, Net Worth & More

 

সূত্ৰ অনুসৰি অজয় ​​কুমাৰ সিং নামৰ এজন প্ৰযোজকে আমিছা পেটেল আৰু তেওঁৰ ব্যৱসায়িক সহযোগী ক্ৰুনালৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ মতে, আমিছাই দেশী মেজিক নামৰ এখন ছবিত ধন বিনিয়োগ কৰাৰ প্ৰস্তাৱ দিছিল। ২০১৩ চনৰ পৰা ছবিখনৰ শ্বুটিং আৰম্ভ হৈছিল। তাৰ পিছত ব্যক্তিজনে অমিছাৰ বেংক একাউণ্টত ২.৫ কোটি টকা ট্ৰেন্সফাৰ কৰিছিল। শেষত দেশী মেজিক ছবিখনে নেদেখিলে ৰূপালী পৰ্দাৰ মুখ। যাৰ বাবে , প্ৰযোজক অজয়ে আমিছাক সেই ধন ঘূৰাই দিবলৈ ক’লে।

ইয়াৰ পিছত আমিছা আৰু তাইৰ ব্যৱসায়িক সহযোগী ক্ৰুনালে টকাখিনি ঘূৰাই দিব বুলি আশ্বাস দিলে। কেৱল সেয়াই নহয়, তেওঁ সম্পূর্ণ ধন সুতসহ ঘূৰাই দিব বুলিও ক’লে৷ আমিষাই অজয়ক ২.৫ কোটিৰ দুখন চেক দিলে। কিন্তু, যেতিয়া চেকখন বেংকত জমা দিলে, তেতিয়া চেকখন বাউন্স হ’ল।

Ameesha Patel Height, Age, Husband, Family, Biography & More » StarsUnfolded

 

আমিছা আৰু তেওঁৰ ব্যৱসায়িক সহযোগী ক্ৰুনালৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪২০ আৰু ১২০ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

এই গোচৰত ৰাঁচী অসামৰিক আদালতে যোৱা এপ্ৰিল মাহত গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল। একেদৰে ১৭ জুনত অভিনেত্ৰীগৰাকীয়ে আদালতত হাজিৰ হৈ আত্মসমৰ্পণ কৰে। পিছত জামিনত মুকলি কৰি দিয়া হয়। ইয়াৰ পিছত সোমবাৰে পুনৰ ন্যায়াধীশ ডি এন শুক্লাৰ আদালতত শুনানি গ্ৰহণ কৰা হয়।

Ameesha Patel says contemporaries were 'jealous' of her success

 

শুনানিৰ সময়ত আমিছাৰ অধিবক্তাই আন পক্ষৰ সাক্ষীক ক্ৰছ-একজামিনেচনৰ বাবে সময় বিচাৰিছিল। কিন্তু অজয় ​​কুমাৰ সিঙে ইয়াৰ বিৰোধিতা কৰিছিল। ন্যায়াধীশে তেওঁৰ বিৰোধিতাক অনুমতি দিলে। সেই অনুসৰি সাক্ষীসকলক ডিচচাৰ্জ দিয়া হয়। ইয়াৰ উপৰিও ন্যায়াধীশে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ঘোষণা কৰে। পৰৱৰ্তী শুনানিত সিফালৰ পৰা দ্বিতীয়জন সাক্ষী দাখিল কৰা হ’ব।