NORTHEAST NOW (Assamese)

ডেভিড ৱাৰ্ণাৰক মহাভাৰত চাবলৈ উপদেশ দিলে অনুৰাগীয়ে

March 30, 2020 7:39 pm · এন ই নাও নিউজ
ডেভিড ৱাৰ্ণাৰ পৰিয়ালৰ সৈতে

কোভিদ-১৯-ৰ সংক্ৰমণৰ বাবে সমগ্ৰ বিশ্বত বৰ্তমানলৈ ৩৪,০০০ গৰাকীতকৈ অধিক লোকৰ মৃত্যু হৈছে।

এই মহামাৰী ভাইৰাছবিধৰ সংক্ৰমণৰ বাবে সকলোধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা বৰ্তমান বন্ধ হৈ আছে।

ক’ৰ’না ভাইৰাছে বিশ্ব ক্ৰীড়া স্তব্ধ কৰাৰ সমান্তৰালভাৱে বহু দেশে ল’কডাউন ঘোষণা কৰাত খেলুৱৈ সকলে নিজৰ ঘৰত সময় অতিবাহিত কৰিবলগীয়া হৈছে।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ঘৰত আবদ্ধ হৈ থাকিবলগীয়া হোৱাত বিৰক্তি পাইছে অষ্ট্ৰেলিয়াৰ অধিনায়ক ডেভিদ ৱাৰ্ণাৰে।

ছ’চিয়েল মিডিয়াৰ মাধ্যমেৰে খেলুৱৈ গৰাকীয়ে নিজৰ অনুগামী সকলক এই বিৰক্তিদায়ক সময়ৰ পৰা মুক্তি লাভৰ বাবে উপায় বিচাৰি আবেদন জনায়।

ডেভিড ৱাৰ্ণাৰৰ প্ৰশ্নৰ উত্তৰ দি একাংশ অনুৰাগীয়ে অষ্ট্ৰেলিয়াৰ খেলুৱৈ গৰাকীক মহাভাৰত চাবলৈ কয়।

‘‘ডি ডি নেশ্যনেলত মহাভাৰত আৰু ৰামায়ণ চাব পাৰে,’’ ৱাৰ্ণাৰৰ এগৰাকী অনুৰাগীয়ে টুইটাত উত্তৰ দিয়ে।

Related News