NORTHEAST NOW (Assamese)
দেশ

কোন আছিল ৰেখা গুপ্তাক আক্ৰমণ কৰা আক্ৰমণকাৰী? কিয় কৰিছিল আক্ৰমণ? পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 20, 2025 2:00 pm
কোন আছিল ৰেখা গুপ্তাক আক্ৰমণ কৰা আক্ৰমণকাৰী? কিয় কৰিছিল আক্ৰমণ? পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

বুধবাৰে পুৱা এক দুৰ্বৃত্তই দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ কৰে। এই আক্ৰমণ ‘ৰাজহুৱা শুনানিৰ সময়ত সংঘটিত হৈছিল। স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয়- এই আক্ৰমণকাৰী কোন? কিয় এই আক্ৰমণ?

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে, অভিযুক্তৰ বয়স ৪১ বছৰ। তেওঁৰ লগত কিছু নথি-পত্ৰ আছিল। ৰাজেশ ভাই খিমজী ভাই সকাৰীয়া বুলি পৰিচয় দিছিল। অভিযুক্ত গৰাকী ৰাজকোটৰ বাসিন্দা বুলি জানিব পৰা গৈছে। এই আক্ৰমণৰ লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁক আৰক্ষীৰ জিম্মাত লৈ যোৱা হৈছে। এই গোচৰৰ তদন্ত আৰম্ভ হৈছে।

ইফালে অভিযুক্তৰ মাতৃ ভানুৱে ৰাজেশক কুকুৰ প্ৰেমী বুলি দাবী কৰে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দিল্লীৰ অঘৰী কুকুৰৰ ওপৰত দিয়া ৰায় ভালপোৱা নাছিল ৰাজেশে। তাৰ পিছত ৰাজেশ দিল্লীলৈ যায়।

জানিব পৰা মতে, মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ চৰকাৰী বাসগৃহ চিভিল লাইনছ এলেকাত। তাত সাপ্তাহিক ‘ৰাজহুৱা শুনানি চলি আছিল। ব্যক্তিজনে প্ৰথমে মুখ্যমন্ত্ৰীক কিছু নথি-পত্ৰ দিবলৈ অনুৰোধ জনায়। আৰু সেইবোৰ যোগান ধৰাৰ পাছতে মুখ্যমন্ত্রীক হঠাৎ আক্রমণ কৰা বুলি অভিযোগ উঠিছে৷ সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰি অনুসৰি ৰাজেশে মুখ্যমন্ত্ৰীক চৰ সোধাইছিল আৰু চুলিও টানিছিল।