NORTHEAST NOW (Assamese)
অসম

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰভাৱ! গোৱালপাৰাৰ বজাৰত পাইকাৰী ব্যৱসায়ীৰ লুণ্ঠন

Posted by: নীলমনি শর্মা, কৃষ্ণাই Updated by: নীলমনি শর্মা, কৃষ্ণাই March 6, 2022 1:56 pm
2019-05-17

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধখনে প্ৰায় দহটা দিন অতিক্ৰম কৰিলে৷ এই যুদ্ধৰ বতৰাই বিশ্ববাসীক আতংকিত কৰি ৰখাৰ সময়তে অসমৰ বজাৰত জুই জ্বলাবলৈ চেষ্টা কৰিছে একাংশ অসাধু ব্যৱসায়ীয়ে ৷

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত বিশেষকৈ প্ৰতিদিনে আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম ব্যাপক হাৰত বৃদ্ধি পাইছে, এই মূল্যবৃদ্ধিৰ বাবে দেশত পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ সম্ভাৱনা আছে। পিছে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি নৌহওতে গোৱালপাৰাৰ বজাৰত অভাৱনীয় হাৰত বৃদ্ধি পাইছে মিঠাতেল আৰু ৰিফাইন তেলৰ মূল্য ৷

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কেইবাখনো বৃহৎ পাইকাৰী দোকানীয়ে ৰিফাইন তেলৰ মূল্য বৃদ্ধি কৰিছে। তদুপৰি, এমআৰপিতকৈও অধিক মূল্যত খুচুৰা বেপাৰীয়ে সামগ্ৰী ক্ৰয় কৰিব লগা হৈছে। এই সম্পৰ্কে অভিযোগ কৰিলে যুদ্ধৰ বাবে এনে মূল্যবৃদ্ধি হৈছে বুলি কয় ৷

লগতে পঢ়ক: ‘ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা যুদ্ধৰ সমান’: পাশ্চাত্যক সকীয়ালে পুটিনে

কৃষ্ণাই বজাৰত এতিয়া প্ৰতিখন পাইকাৰী দোকানত মহাকোশ ৰিফাইন তেলৰ লিটাৰে প্ৰতি পাইকাৰী মূল্য ১৫৭ টকা, খুচুৰা বিক্ৰী ১৬৫ টকা ৷ ইফালে মহাকোশ ৰিফাইনৰ এমআৰপি ১৫২ টকা৷ গ্ৰাহকে এতিয়া এমআৰপিতকৈয়ো অধিক টকা দি সামগ্ৰী ক্ৰয় কৰিব লগা হৈছে।

তেনেদৰে ফৰচুন ৰিফাইনৰ এমআৰপি ১৬০টকা, পাইকাৰী মূল্য ১৬৫ টকা ,ৰুচি গোল্ড ৰিফাইনৰ মূল্য এমআৰপি ১৩৭ টকা, পাইকাৰী দাম ১৪৩ টকা, পাম অইলৰ এমআৰপি ১৪২টকাৰ বিপৰীতে খুচুৰা বিক্ৰী হৈছে ১৭০ টকাত৷

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ গইনা লৈ কৃষ্ণাইত একাংশ ব্যৱসায়ীয়ে যধেমধে সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি এইদৰে এক প্ৰকাৰ লুণ্ঠন চলাইছে ৷ ফলত সাধাৰণ গ্ৰাহকে এতিয়া এমআৰআৰপি কৈ অধিক মূল্যত সামগ্ৰী, বিশেষকৈ ৰিফান তেল ক্ৰয় কৰিব লগা হৈছে৷

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে তালিবানে প্ৰকাশ কৰিলে গৃহমন্ত্ৰী ছিৰাজুদ্দিন হাক্কানিৰ ফটো

উল্লেখযোগ্য যে এই সম্পৰ্কে পাইকাৰী ব্যৱসায়িক প্ৰশ্নৰ কৰিলেই যুদ্ধৰ বাবে এই মূল্য বৃদ্ধিৰ কথা দোহাৰে৷ প্ৰকৃততে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে হৈছে নে এই মূল্যবৃদ্ধি?

আচৰিত কথাটো হ’ল সাধাৰণ গ্ৰাহকে এমআৰপিতকৈ অধিক মৃল্য দি সামগ্ৰী ক্ৰয় কৰাৰ পিছতো চৰকাৰৰ যোগান বিভাগ গভীৰ নিদ্ৰাত। যুদ্ধৰ গইনা লৈ লুণ্ঠন চলোৱা ব্যৱসায়ীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব যোগান বিভাগে? এই সময়ত এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন।