NORTHEAST NOW (Assamese)

কিয় আমেৰিকাত ক’ৰ’না আক্ৰান্তৰ সংখ্যা সৰ্বাধিক বুলি ক’লে ড’নাল্ড ট্ৰাম্পে

July 14, 2020 11:47 am · এন ই নাও নিউজ

বিশ্বৰ ভিতৰতে আমেৰিকাত সৰ্বাধিক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। সংক্ৰমণৰ সংখ্যা উদ্বেগজনক যদিও ইয়াৰ অন্তৰ্নিহিত কাৰণ বাখ্যা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

ট্ৰাম্পে কয় যে আমেৰিকাই অন্য দেশৰ তুলনাত সৰ্বাধিক লোকৰ ক’ৰ’নাৰ টেষ্ট কৰিছে, যাৰ বাবে সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাই আছে।

তেওঁ কয়, ‍‘আমি বাকী দেশৰ তুলনাত বহুত টেষ্ট কৰিছো। টেষ্ট কৰিলে আক্ৰান্তৰ সংখ্যাও পোহৰলৈ আহে। কিছুমান দেশে হাস্পতাল বা চিকিৎসকৰ ওচৰলৈ আহিলেহে টেষ্ট কৰে। সেই দেশ সমূহে এনেদৰে টেষ্ট কৰি আছে কাৰণে আক্ৰান্তৰ সঠিক তথ্য পোহৰলৈ অহা নাই’।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয়, ‍‘আমি ভাল কাম কৰি আছো। ভেকশ্যিন বনোৱা কাৰ্যটো আমি ভাল কাম কৰি আছো। মই ভাবো যে আমি অতি শীঘ্ৰে ভাল খবৰ শুনিবলৈ পাম’।

‘আমি এতিয়ালৈকে ভাল কাম কৰি আছো। আমাৰ টেষ্ট বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ। চীন, ৰাছিয়া, ব্ৰাজিলৰ লগতে ভাৰতৰ তুলনাত আমেৰিকাই সৰ্বাধিক টেষ্ট কৰিছে’, এইদৰে কয় ট্ৰাম্পে।

উল্লেখ্য যে, ক’ৰ’না ভাইৰাছে সৃষ্টি কৰা সংহাৰৰ বাবে চীনক বিশ্ববাসীয়ে কেতিয়াও ক্ষমা নকৰে বুলিও পুনৰ এবাৰ মন্তব্য কৰিছ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

Related News