NORTHEAST NOW (Assamese)

কিয় ট্ৰেইন লাইনৰ মাজত শিলগুটি দিয়া থাকে? জানক প্ৰকৃত কাৰণ

March 12, 2020 11:30 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

আজিৰ তথ্য প্ৰযুক্তিৰ যুগত যিকোনো নজনা কথা জনাটো আমাৰ বাবে তেনেই সহজ হৈ পৰিছে। কিন্তু ইয়াৰ মাজতে এনে কিছুমান কথা থাকে যাক আমি কাহানিও ভাবি নাচাও, যেনে ধৰক কিয় ট্ৰেইন লাইনৰ মাজত শিলগুটি দিয়া থাকে?

আমি সকলোৱেই প্ৰায়ে ট্ৰেইনত অহা যোৱা কৰো যদিও কি কাৰণত এইদৰে ট্ৰেইন লাইনৰ মাজত শিলগুটি দিয়া থাকে সেই কথা হয়তো খুব কম লোকেহে হয়টো গম পায়। আজি আমি আপোনালোকক জনাম ইয়াৰ কাৰণ।

যেতিয়া ট্ৰেইন লাইনৰ ওপৰেৰে এখন ট্ৰেইন পাৰ হৈ যায় তেতিয়া তলৰ মাটি আৰু ট্ৰেকৰ মাজত কম্পনৰ সৃষ্টি হয়। অতিপাত ৰ’দত ট্ৰেক বিলাক বহলি যায়, আনহাতে জাৰকালি ই কোঁচ খাই আহে, সেয়ে ট্ৰেকবিলাক মজবুতভাৱে ধৰি ৰাখিবলৈ ট্ৰেকৰ মাজত কাঠৰ তক্তা লগুৱা থাকে।

তীব্ৰ গতিত এখন ট্ৰেইন ট্ৰেকৰ ওপৰেৰে পাৰ হৈ গ’লে উক্ত কাঠৰ তক্তা বিলাক যাতে পিচলি নাযায় তাৰ বাবে ইয়াক ধৰি ৰাখিবলৈ ইয়াৰ চাৰিওফালে শিলগুটি দি থোৱা থাকে। ট্ৰইন লাইন বহুৱাৰ সময়ত প্ৰথমতে শিলগুটি পেলাই লোৱা হয় আৰু তাৰ ওপৰত কাঠৰ তক্তা বহুৱা হয়।

Related News