NORTHEAST NOW (Assamese)
Popular Stories

ভূতে কি বগা পিন্ধি ভাল পায়? চিৰিয়েল-চিনেমাত দেখা ভূতে সদায় বগা কাপোৰেই পিন্ধে কিয়?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 30, 2023 5:35 pm

ভূত মানেই হৈছে ভয়ায়ক ৰস। কিন্তু এই ভয়ক উপভোগ্য কৰি তোলে গল্প, উপন্যাস, চিনেমা আদি শিল্পই।

কিন্তু এটা কথা আমি প্ৰায়ে লক্ষ্য কৰোঁ যে চিৰিয়েলেই হওক বা চিনেমাই হওক, ভূতৰ চৰিত্ৰই সাধাৰণতে বগা কাপোৰ পৰিধান কৰা দেখা যায়।

কিন্তু কিয় চিনেমা বা চিৰিয়েলত দেখা ভূতে সদায় বগা কাপোৰ পিন্ধে? কি কাৰণ আছে ইয়াৰ অন্তৰালত? 

ভূতৰ চিনেমাত ছবি নিৰ্মাতাই বগা কাপোৰ ব্যৱহাৰ কৰাৰ বিশেষ কাৰণ আছে। 

তাৰ আগতে পেৰানাৰ্মেল বিশেষজ্ঞসকলে ভূতৰ বিষয়ে কি কয় জানো আহক। তেওঁলোকৰ মতে যদি কোনো কৰুণ পৰিঘটনাৰ বাবে কোনো ব্যক্তিৰ মৃত্যু হয় আৰু পৰিয়ালৰ লোকে তেওঁক অতিশয় সন্মান কৰে তেন্তে ব্যক্তিজনৰ আত্মা এই পৃথিৱীত থকাৰ সম্ভাৱনা অতি বেছি।

কাৰোবাৰ মৃত্যু হ’লে তেওঁক সাধাৰণতে বগা কাপোৰ পিন্ধাই বিদায় দিয়া হয় আৰু সেই দৃশ্য মানুহৰ স্মৃতিত ৰৈ যায়। 

হত্যা বা দুৰ্ঘটনাৰ ফলত যদি কোনোবাই মৃত্যুবৰণ কৰে তেন্তে তেওঁৰ অতৃপ্ত আত্মা এই পৃথিৱীতে থাকে বুলি বিশ্বাস কৰা হয়। চিনেমাতো একে কাহিনীকে এনেদৰে চিত্ৰিত কৰা হয়। 

যিহেতু শেষবাৰৰ বাবে মৃত ব্যক্তিজনক বগা কাপোৰৰ সৈতে দেখা যায় , সেয়েহে বিশ্বাস কৰা হয় যে তেওঁ পুনৰ একে কাপোৰ পিন্ধি আহিছে। 

লগতে ভূতক আন্ধাৰত দেখুওৱা হয়, গতিকে এন্ধাৰত জিলিকাই তুলিবলৈ বগা কাপোৰেই সুবিধাজনক হয়। বগা কাপোৰ পিন্ধা কোনোবাই আন্ধাৰত অস্বাভাৱিক আচৰণ কৰা দেখি আৰু অধিক ভয় লাগে। হয়তো এই কাৰণেই ভূতৰ চিনেমাত ছবি নিৰ্মাতাসকলে বগা কাপোৰ ব্যৱহাৰ কৰে।