NORTHEAST NOW (Assamese)

৪০ হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ পিছতো কিয় মুক্ত অনিল আম্বানী? উচ্চতম ন্যায়ালয়ত উত্তৰহীন চিবিআই আৰু ইডি

May 1, 2026 4:04 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 10:36 am

বেংক জালিয়াতিৰ এক বৃহৎ গোচৰত নাম সাঙোৰ খোৱাৰ পিছতো উদ্যোগপতি অনিল আম্বানীক কিয় এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই, সেয়া বৰ্তমান এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। অনিল আম্বানীৰ নেতৃত্বাধীন অনিল ধীৰুভাই আম্বানী গ্ৰুপৰ বিৰুদ্ধে ৪০ হাজাৰ কোটি টকাতকৈও অধিক ধনৰ ঋণ জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি চলি থকাৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এই প্ৰশ্নৰ কোনো স্পষ্ট উত্তৰ দিবলৈ অস্বীকাৰ কৰে। তেওঁ স্পষ্টকৈ কয় যে কোনো নিৰ্দিষ্ট ব্যক্তিক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই তাৰ উত্তৰ তেওঁ দিব নোৱাৰে।

উচ্চতম ন্যায়ালয়ত প্ৰাক্তন আমোলা ই এ এছ শৰ্মাই এই বিষয়টো উত্থাপন কৰিছিল। চিবিআই আৰু ইডিৰ হৈ আদালতত হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই অৱগত কৰে যে দুয়োটা তদন্তকাৰী সংস্থাই আদালতৰ নিৰ্দেশ মৰ্মে গোচৰটোৰ শেহতীয়া অৱস্থাৰ প্ৰতিবেদন দাখিল কৰিছে। ইয়াৰ প্ৰতিক্ৰিয়াত আবেদনকাৰীৰ অধিবক্তা প্ৰশান্ত ভূষণে যুক্তি দৰ্শায় যে প্ৰতিবেদন দাখিল কৰা হৈছে যদিও গোচৰটোৰ মূল অভিযুক্তজনক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই। ইয়াৰ উত্তৰত তুষাৰ মেহতাই পুনৰ কয় যে তেওঁলোকে কেৱল প্ৰতিবেদনহে দাখিল কৰিছে আৰু কাক কিয় জিম্মাত লোৱা হোৱা নাই তাৰ উত্তৰ দিয়াটো সম্ভৱ নহয়।

ইফালে, বলবৎকাৰী সঞ্চালকালয় চমুকৈ ইডিৰ প্ৰতিবেদনত এক অতি আচৰিত তথ্য পোহৰলৈ আহিছে। প্ৰতিবেদন অনুসৰি, আম্বানীৰ কোম্পানীটোৱে আইনৰ সুৰুঙা ব্যৱহাৰ কৰি অতি সহজেই ঋণৰ বোজাৰ পৰা মুক্ত হোৱাৰ চেষ্টা কৰিছিল। আটাইতকৈ আচৰিত কথাটো হল যে ২,৯৮৩ কোটি টকাৰ এক বৃহৎ পৰিমাণৰ ঋণ মাত্ৰ ২৬ কোটি টকাতেই নিষ্পত্তি কৰা হৈছিল। আঠখন বেংকিং বিহীন বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে প্ৰজেক্ট হেল্প নামৰ এক বিশেষ পদক্ষেপৰ অধীনত এই ঋণ নিষ্পত্তি কৰা হৈছিল।

যি ধৰণে এই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰা হ, তাক লৈ উচ্চতম ন্যায়ালয়ে গভীৰ উদ্বেগ আৰু আশ্চৰ্য প্ৰকাশ কৰিছে। ইমান বৃহৎ পৰিমাণৰ ধনৰ কেলেংকাৰীৰ তদন্ত লেহেমীয়া হোৱাত অসন্তুষ্টি প্ৰকাশ কৰি সৰ্বোচ্চ ন্যায়ালয়ে চিবিআই আৰু ইডিক কঠোৰ নিৰ্দেশ দিছে। ন্যায়ালয়ে দুয়োটা সংস্থাক দ্ৰুত, স্বচ্ছ আৰু নিৰপেক্ষভাৱে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ কোৱাৰ লগতে অহা চাৰি সপ্তাহৰ ভিতৰত সমগ্ৰ গোচৰটোৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ সময়সীমা নিৰ্ধাৰণ কৰি দিছে।

Related News