NORTHEAST NOW (Assamese)

Teachers’ Day-2022: কিয় ৫ ছেপ্তেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়?

September 4, 2022 12:39 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰত বৰ্ষত প্ৰতিবছৰে ৫ ছেপ্তেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে উলহ-মালহেৰে পালন কৰি অহা হৈছে।

ভাৰত বৰ্ষৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি, দ্বিতীয় ৰাষ্ট্ৰপতি তথা ভাৰত ৰত্ন ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ওপজা দিনটো সমগ্ৰ দেশৰ শিক্ষক সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে শিক্ষক দিৱস হিচাপে দেশবাসীয়ে পালন কৰি আহিছে।

১৮৮৮ চনৰ ৫ ছেপ্তেম্বৰত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল।

বিংশ শতিকাৰ এগকাৰী উল্লেখযোগ্য শিক্ষাবিদ হিচাপে ড০ ৰাধাকৃষ্ণণৰ নাম ভাৰতবৰ্ষত চিৰদিন উজ্বল হৈ জিলিকি থাকিব।

স্বাধীন ভাৰতৰ শিক্ষা নীতি আৰু শিক্ষা ব্যৱস্থাক সু-সংগত কৰাৰ ক্ষেত্ৰত তেখেতৰ অৱদান অদ্বিতীয়।

দৰ্শন বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ৰাধাকৃষ্ণণে বিশ্বৰ মজিয়াত ভাৰতীয় দৰ্শন-তত্ত্বক সুন্দৰ ৰূপত উপস্থাপন কৰিছিল।

নিজৰ সাগৰ সম জ্ঞানৰাজিৰে ড০ ৰাধাকৃষ্ণণে মাদ্ৰাজ প্ৰেছেডেঞ্চি কলেজ, মাইশোৰ বিশ্ববিদ্যালয়, কলকাতা বিশ্ববিদ্যালয়, অক্সফোৰ্ড বিশ্ববিদ্যালয়, ছিকাগো বিশ্ববিদ্যালয় আদিৰ দৰে উল্লেখযোগ্য শিক্ষানুষ্ঠানত সেৱা আগবঢ়াইছিল।

আধুনিক ভাৰতীয় শিক্ষা নীতিৰ বিস্তাৰ আৰু বিকাশত ৰাধাকৃষ্ণণৰ অৱদান অতুলনীয়।

শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা সীমাহীন অৱদানৰ বাবে সমগ্ৰ দেশতে ১৯৬২ চনৰ পৰা ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে।

১৯৬২ চনৰ পৰা এতিয়ালৈ ভাৰত বৰ্ষৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়কে ধৰি প্ৰতিখন শিক্ষানুষ্ঠানতে প্ৰতিবছৰে ৫ ছেপ্তেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি শিক্ষাগুৰুসকলক সন্মান জনোৱা হয়।

Related News