NORTHEAST NOW (Assamese)
অসম

আমেৰিকাৰ পৰা বিতাড়ন খাবিৰ লাম! ইটালীৰ ইনফ্লুৱেন্সাৰগৰাকীয়ে কিয় আমেৰিকা এৰিবলগীয়া হ’ল?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 13, 2025 2:24 pm

ট্ৰাম্পৰ কঠোৰ নিয়মৰ পৰা সাৰি নগ’ল প্ৰভাৱশালী ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ খাবিৰ লাম। বিশ্বৰ ভিতৰতে সৰ্বাধিক অনুৰাগী থকা টিকটক তাৰকাগৰাকীয়েও আমেৰিকা এৰি যাব লগা হয় ট্ৰাম্পৰ কঠোৰ নীতিৰ বাবে। আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট (আইচিই)ৰ মতে, বিৰুদ্ধে ভিছাৰ চৰ্ত উলংঘা কৰাৰ অভিযোগত শুকুৰবাৰে লাছ ভেগাছৰ হেৰী ৰিড আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত চেনেগালত জন্মগ্ৰহণ কৰা ইটালীৰ নাগৰিক জাবি লামক গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে জাবিৰ সম্পূৰ্ণ নাম চেৰিঞ্জে ছাবিয়ানে লাম। ২৫ বছৰীয়া এই নেট ইনফ্লুৱেন্সাৰ টিকটকত অতি জনপ্ৰিয়। কেৱল টিকটকতে তেওঁৰ ১৬.২ কোটি অনুৰাগী আছে। শুকুৰবাৰে নেভাদাত আইচিইয়ে গ্ৰেপ্তাৰ কৰে একেজন জাবিক। ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো তেওঁ আমেৰিকাত থকা বুলি জানিব পৰা গৈছে। ৬ জুনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

অৱশ্যে আইচিইয়ে তেওঁক স্বেচ্ছাই আমেৰিকা এৰি যাবলৈ অনুমতি দিছে। সেয়ে তেওঁৰ বিৰুদ্ধে কোনো আনুষ্ঠানিক বিতাড়নৰ আদেশ জাৰি কৰা হোৱা নাই। আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টে এক বিবৃতিৰ জৰিয়তে সমগ্ৰ ঘটনা ৰাজহুৱা কৰিছে। বিবৃতিটোত কোৱা হৈছে যে, “৬ জুনত ইটালীৰ নাগৰিক চেৰিঞ্জে খাবিয়ানে লেম (২৫)ক নেভাদাৰ লাছ ভেগাছৰ হেৰী ৰিড আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অভিবাসন আইন উলংঘা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল। জনা যায় যে খাবী ৩০ এপ্ৰিলত আমেৰিকালৈ গৈছিল।কিন্তু ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো তেওঁ তাতেই আছিল। সেই অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে সেইদিনা আইচিইয়ে তেওঁক মুকলি কৰি দিয়ে।

বেৰন ট্ৰাম্পৰ “ঘনিষ্ঠ” ইণ্টাৰনেট প্ৰভাৱশালী বো লোডেনে এই বিষয়ে কয়। ছ’চিয়েল মিডিয়াত এই কাণ্ডৰ বিষয়ে পোষ্ট কৰি ব’ই লিখিছে, “খাবিবক লাছ ভেগাছত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁক হেণ্ডাৰচন ডিটেনচন চেণ্টাৰত ৰখা হৈছে।” কেৱল এয়াই নহয়, ব’ই খাবীক “অবৈধ অনুপ্ৰৱেশকাৰী” বুলি অভিহিত কৰি কয় যে তেওঁৱেই খাবীৰ ভিছাৰ অৱস্থাৰ বিষয়ে কৰ্তৃপক্ষক অৱগত কৰিছিল। লগতে খাবিৰ ওপৰত কৰ ফাঁকিৰ অভিযোগো উত্থাপন কৰে।