NORTHEAST NOW (Assamese)
Popular Stories

প্ৰেমিকৰ তেজ শুহি খোৱা হলিউদৰ অভিনেত্ৰী; নিজেই দিলে এই ভয়ংকৰ অভ্যাসৰ স্বীকাৰোক্তি!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 28, 2022 6:50 pm

হলিউডৰ এগৰাকী বিখ্যাত অভিনেত্ৰী তেওঁ। নিজৰ অপৰূপ সৌন্দৰ্যৰ জ্বলকেৰে বহু পুৰুষৰ নিদ্ৰা হৰণ কৰা এই অভিনেত্ৰীগৰাকী হৈছে মেগান ফক্স। কিন্তু দেখাত মোহময়ী হ’লেও অভিনেত্ৰীগৰাকীৰ আছে এক আজৱ তথা ভয়ংকৰ অভ্যাস। তেওঁ পান কৰে নিজৰ প্ৰেমিকৰ তেজ। হয়, শুনিবলৈ আচৰিত যেন লাগিলেও শেহতীয়াকৈ নিজে তেওঁ এই কথা প্ৰকাশ কৰিছে।

বিনোদনধৰ্মী আলোচনী ‘গ্লেমাৰ’ক দিয়া এটা সাক্ষাৎকাৰত মেগানে কয় যে তেওঁ নিজৰ প্ৰেমিক তথা জনপ্ৰিয় সংগীতশিল্পী মেচিন গান কেলীৰ ৰক্তপান কৰে। আনকি তেওঁৰ প্ৰেমিকেও মেগানৰ ৰক্ত পান কৰে। অৰ্থাৎ প্ৰেমিক যুগলে পৰস্পৰে পৰস্পৰৰ ৰক্তপান কৰি আহিছে।

অভিনেত্ৰীগৰাকীৰ এই স্বীকাৰোক্তিৰ পাছতে তুমুল চৰ্চা চলিছে। অৱশ্যে সাক্ষাৎকাৰটোত তেওঁ স্পষ্ট কৰি দিয়ে যে হয়তো তেওঁৰ এই বক্তব্যই ভুল বাৰ্তা প্ৰেৰণ কৰিব। তেওঁলোকে এক প্ৰাচীন পৰম্পৰা অনুযায়ীহে দুয়ো দুয়োৰে কেইটোপালমান ৰক্তপান কৰে। এই ৰক্তপানে তেওঁলোকৰ আত্মাৰ শুদ্ধি কৰে। ইয়াৰ বাহিৰে তেওঁলোকে সুস্থিৰ জীৱন যাপনেই কৰি আহিছে।

উল্লেখযোগ্য যে ২০০৭ চনত “ট্ৰেন্সফৰ্মাছ’’ নামৰ চিনেমাখনেৰে হলিউদত জনপ্ৰিয়তা লাভ কৰা মেগান ফক্স আৰু মেচিন গান কেলীয়ে যোৱা জানুৱাৰী মাহৰ পৰা প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে।