NORTHEAST NOW (Assamese)
অসম

পুনৰ ৰাজ্যত ডাইনী সন্দেহত হত্যা! গেৰুৱাজুলিত মহিলাক হত্যা কৰি পুতি থলে হাবিত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 26, 2021 10:47 am
killing of superstition

অসমত পুনৰ এগৰাকী মহিলা অন্ধবিশ্বাসৰ বলি হোৱাৰ ঘটনা সংঘটিত হৈছে। ৰঙাপাৰাৰ ১নং গেৰুৱাজুলিত এগৰাকী ৫৩বছৰীয়া মহিলাক ডাইনী সন্দেহত হত্যা কৰি হাবিত পুতি থোৱাৰ ঘটনা ঘটিছে।

শনিবাৰে নিশা সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডৰ ঘটনা। নিশা প্ৰায় ১১বজাত ৪টা সন্তানৰ মাতৃ এগৰাকী বিধৱা মহিলা লক্ষেশ্বৰী দৈমাৰীৰ ঘৰত এদল উন্মত্ত লোকে প্ৰৱেশ কৰি তেওঁক লাঠিৰে কোবাই কোবাই হত্যা কৰে।

কেবল সেয়াই নহয়, উন্মত্ত লোকৰ দলটোৱে নিশাই মহিলাগৰাকীৰ মৃতদেহটো ঘৰৰ পৰা এক কিলোমিটাৰমান দূৰত হাবিত পুতি থৈ আহে।

এই ঘটনাত উন্মত্ত লোকৰ দলটোৱে লক্ষেশ্বৰী দৈমাৰীৰ নাতিয়েক মোহিত দৈমাৰীকো হত্যাৰ প্ৰচেষ্টা চলায়।

দেওবাৰে পুৱা স্থানীয় লোকে মোহিতক হাত-ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰাৰ লগতে গোটেই ঘটনাটোৰ বিষয়ে জানিব পাৰে।

আৰক্ষীয়ে খৱৰ লাভ কৰাৰ পাছত অনুসন্ধান চলাই স্থানীয় লোকৰ সহযোগত হাবিৰ পৰা পুতি থোৱা অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটো খান্দি উলিওৱাৰ সময়ত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া অদিতি গগৈও উপস্থিত থাকে।

স্থানীয় লোকে জানিবলৈ দিয়া মতে, মহিলাগৰাকীক ডাইনীৰ সন্দেহত হত্যা কৰা হৈছে। কিয়নো পূৰ্বেও মহিলাগৰাকীক একংশ লোকে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ ডাইনী সন্দেহত নিৰ্যাতন চলাইছিল।

স্বাভাৱিকতেই অন্ধবিশ্বাসজনিত এনে নৃশংস কাণ্ডই বিবেকবান লোকৰ মনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দোষীক শীঘ্ৰেই বিচাৰি উলিয়াই উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে সচেতন মহলে।