NORTHEAST NOW (Assamese)

স্পেনিছ প্ৰধান মন্ত্ৰীৰ পত্নীৰ শৰীৰত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ বীজাণু

March 15, 2020 8:10 am · এন ই নাও নিউজ
Updated: March 15, 2020 11:59 am
ফাইল ফ'টো, সৌজন্য- ইন্টাৰনেট

স্পেইনৰ চৰকাৰে ঘোষণা কৰিছে যে দেশখনৰ প্ৰধান মন্ত্ৰী পেড্ৰ’ চান্সেজৰ পত্নীৰ শৰীৰত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ বীজাণুৰ উপস্থিতি ধৰা পৰিছে।

প্ৰধান মন্ত্ৰীৰ পত্নী বেগ’না গ’মেজৰ স্বাস্থ্য পৰীক্ষাৰ কৰাৰ পিছত দেশখনৰ স্বাস্থ্য বিভাগ এই বিষয়ে নিশ্চিত হৈছে।

উল্লেখ্য যে দেশখনৰ কেবিনেটৰ সকলো সদস্যৰে স্বাস্থ্যৰ পৰীক্ষা কৰা হৈছিল যদি সকলোৰে ৰিজাল্ট নিগেটিভ উলাইছে।

প্ৰধান মন্ত্ৰীৰ পেড্ৰ’ৰো স্বাস্থ্য পৰীক্ষা কৰা হৈছিল যদিও তেওঁৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই বুলি মাদ্ৰিদৰ এক সংবাদ প্ৰতিষ্ঠানে জানিবলৈ দিছে।

ইফালে শনিবাৰলৈকে স্পেইনত মাৰাত্মক ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৬,৩০০ জনলৈ বৃদ্ধি পাইছে। দেশখনত বৰ্তমানলৈকে ক’ৰ’না ভাইৰাছ দ্বাৰা ১৯১ জন লোকৰ মৃত্যু ঘটিছে।

উল্লেখ্য দেশখনত প্ৰথমজন ক’ৰ’না ভাইৰাছ আক্ৰান্ত ব্যক্তি চিনাক্ত কৰা হৈছিল চলিত বৰ্ষৰ জানুৱাৰী মাহৰ শেষৰ ফালে।

Related News