NORTHEAST NOW (Assamese)

তামুলপুৰৰ হাঁহকাটা বালাবাৰী গাঁওত বন্যহস্তীৰ তাণ্ডৱ অব্যাহত

November 14, 2021 3:25 pm · দীপক কুমাৰ পাঠক, বাক্সা

তামুলপুৰৰ হাঁহকাটা বালাবাৰী গাঁওত বন্যহস্তীৰ তাণ্ডৱ।

খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীৰ বৃহৎ জাকে ভাঙিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ।

ঘৰৰ ভিতৰত মজুত ধান খোৱাৰ উপৰি চোতালত থোৱা ধানৰ দাঙৰী খাই উপদ্ৰৱ চলায়।

পথাৰৰ বহু বিঘা পকা ধান খায়ো তহিলং কৰে।

কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনস্থ হাঁহকাটা বালাবাৰীত বিগত কিছু দিন ধৰি তাণ্ডৱ চলাই আহিছে বনৰীয়া হাতীৰ জাকটোৱে।

হাতীৰ জাকটোক খেদিবলৈ বন বিভাগৰ লোকে ব্যৱস্থা নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

আজিও হাতীৰ জাকটো পাগলাদিয়া নৈৰ পাৰত অৱস্থান কৰি আছে।

হাতীৰ জাকটোক খেদি পঠিয়াবলৈ বন বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে।

Related News