NORTHEAST NOW (Assamese)

গোৱালপাৰাৰ মৰনৈত বিশাল বন্যহস্তীৰ জাকে ভাঙিলে ঘৰ

October 27, 2022 12:09 pm · নীলমণি শৰ্মা,দুধনৈ

গোৱালপাৰা জিলাৰ মৰনৈত আজি পুৱাৰে পৰা এজাক বনৰীয়া হাতীৰ অৱস্থানে অঞ্চলটোৰ ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে আজি নিচেই পুৱা এটা বিশাল হাতীৰ জাকে মাটিয়া পাহাৰৰ পৰা আহি মৰনৈৰ ঐতিহাসিক পদুম পুখুৰীত নামে ৷ স্থানীয় ৰাইজে জনোৱা মতে হাতীৰ জাকটোত প্ৰায় পয়ত্ৰিশটাৰো অধিক হাতী আছে ৷

উল্লেখ্য যে হাতীৰ জাকটোৱে অৱস্থান কৰা পদুম পুখুৰীৰ কাষতে অৱস্থিত মৰনৈ সৈনিক স্কুল ৷ যাৰ ফলত এনেকৈ হাতীৰ জাকে অৱস্থান কৰাত ৰাইজৰ মাজত তীব্ৰ আতংকই গা কৰি উঠা পৰিলক্ষিত হয় ৷

ইফালে নিশা বনৰীয়া হাতীৰ জাক এটাই মৰনৈৰ দহিকটাত চলালে তাণ্ডৱ৷হাতীৰ জাকটোৱে দৰিকটাৰ নৰপতি ৰাভাৰ ঘৰ ভাঙি চুৰমাৰ কৰে ।

Related News