NORTHEAST NOW (Assamese)
অসম

কেলিডেন চাহ বাগিচাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন লোক

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ April 30, 2022 2:27 pm

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে হাতী মানুহৰ সংঘাত। কলিয়াবৰৰ কেলিডেন চাহ বাগিচাত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হৈছে।

বাগিচাখনৰ ১২ নম্বৰ লাইনত হাতীৰ আক্ৰমণত নিহত হয় গেনুচা নামৰ লোকজন। অঞ্চলটোৰ এটা অংগনৱাড়ী কেন্দ্ৰত শুই থকা অৱস্থাতে পুৱতি নিশা হাতীয়ে আক্ৰমণ কৰে গেনুচাক।

দীৰ্ঘদিন ধৰি অঞ্চলটোৰ অ’ত-ত’ত বাস কৰা লোকজনৰ প্ৰকৃত ঠিকনা গম নাপায় স্থানীয় ৰাইজে। পুৱা লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ বাবে নামি অহা বন্যহস্তীৰ জাকে প্ৰায়ে উক্ত অঞ্চলত তাণ্ডৱ অব্যাহত ৰখাৰ সময়তে হাতী মানুহৰ সংঘাতৰ ফলত এনেদৰে প্ৰাণ হেৰুৱাব লগা হ’ল গেনুচা নামৰ এই লোকজনে।