NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত উল্টাপানী বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যু

Posted by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ November 26, 2021 2:30 pm
কোকৰাঝাৰত উল্টাপানী বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যু

কোকৰাঝাৰত বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে এজন লোক।

নিহত লোক জনক বেৰলাং ব্রহ্ম বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য দুটা হাতীয়ে উল্টাপানী বনাঞ্চলৰ পৰা ওলাই আহি চালাকাটিত তাণ্ডৱ চলাই আহিছে।

হাতী দুটাই গাঁওৰ হাবিৰ মাজত আশ্ৰয়লৈ থকা বুলি জানিব পৰা গৈছে। বন্যহস্তীৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ খবৰ পোৱাৰ পিছতে কোকৰাঝাৰ জিলা প্ৰশাসন আৰু বনবিভাগৰ লোক ঘটনাস্থলীত গৈ উপস্থিত হৈছে।

প্ৰশাসন আৰু বন বিভাগৰ লোকে হাতী দুটা খেদি পঠিওৱাৰ বাবে চেষ্টা চলাই আছে যদিও বাতৰি যুগুত কৰা পৰলৈকে সফল হ’ব পৰা নাই।

ইপিনে কুমাৰীকাটাৰ শান্তিপুৰতো হাতীৰ আক্ৰমণত নিহত হৈছে এজন যুৱক। আজি পুৱা প্ৰায় ৬-০০ মান বজাত হাতীয়ে হত্যা কৰে যুৱকজনক।

বিগত কেইবাদিনো ধৰি ডেৰ শতাধিক বনৰীয়া হাতীয়ে অঞ্চলটোত বিচৰণ কৰি উপদ্ৰৱ চলাই আহিছে।

বৃহস্পতিবাৰে নিশাও হাতীৰ জাকটোৱে খেতি পথাৰত উপদ্ৰৱ চলাইছিল।

আজি পুৱা অন্য লোকৰ সৈতে হাতী খেদিবলৈ গৈছিল অজয় দাস নামৰ যুৱকজনে।

হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে অজয়ক গচকি হত্যা কৰে।