NORTHEAST NOW (Assamese)

বাক্সাত হাতী-মানুহৰ সংঘাত অব্যাহত; দেৱীনগৰ গাঁওৰ বহু পৰিয়ালৰ ঘৰ লণ্ড-ভণ্ড বনৰীয়া হাতীৰ

December 24, 2021 1:16 pm · দীপক কুমাৰ পাঠক, তামুলপুৰ
ফটো: নৰ্থইষ্ট নাও।

বাক্সাৰ এন কে আঙাৰকাটাৰ দেৱীনগৰত হাতীৰ উপদ্ৰৱত গৃহহীন হৈ পৰিছে কেইবাটাও পৰিয়াল। তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তত হস্তী-মানৱ সংঘাত তীব্ৰতৰ হৈ পৰিছে ৷

বন্যহস্তীৰ জাকে নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি চলাইছে তাণ্ডৱ ৷ 

হাতীৰ তাণ্ডৱত প্ৰতিটো নিশা উজাগৰে থাকি ত্ৰাহি মধুসুদন সুৱঁৰিবলগীয়া হৈছে সীমান্তৰ কেইবাখনো গাওঁৰ জনসাধাৰণে।

বৃহস্পতিবাৰে নিশা প্ৰায় ৮-০০ বজাত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে ভাৰত-ভূটান সীমান্তৰ দেৱীনগৰ গাঁওত প্ৰৱেশ কৰি সুণ্ডা বেচেৰা, সুকুৰাম হেম্ব্ৰম, ৰাজীৱ কিস্কু, বুধিনাথ মূৰ্মু আৰু জোনাছ মাৰ্ডীৰ বাসগৃহ ভাঙি চূৰমাৰ কৰাৰ লগতে ধান, চাউল খাই তহিলং কৰে ৷

Also Read: Update অসম ৰাজ্যিক চিৰিয়াখানাত ফাঁচি লাগি মৃত্যু জিৰাফৰ! ঘটনাক গাপ দিয়াৰ চেষ্টা কৰ্তৃপক্ষৰ

হাতীৰ জাকটোৱে গাঁওখনত থকা দেৱীনগৰ প্ৰাথমিক বিদ্যালয়ৰ গৃহ ভাঙি তহিলং কৰাত গাওঁখনৰ শৈক্ষিক পৰিৱেশত এক ব্যাঘাতৰ সৃষ্টি হৈছে। 

ইপিনে, বনৰীয়া হাতীৰ আক্ৰমণৰ শংকাত আজিও আতংকিত হৈ আছে অঞ্চলটোৰ ৰাইজ।

Related News