NORTHEAST NOW (Assamese)

বনৰীয়া হাতীৰ দলে গেৰুৱামুখত লণ্ডভণ্ড কৰিলে দুটাকৈ বাসগৃহ

September 18, 2019 11:39 am · ভাৰ্গব হাজৰিকা
ফটো : নৰ্থ-ইষ্ট নাও

বিশ্বকৰ্মা পূজাৰ পুৱাই চামগুৰিত বনৰীয়া হাতীৰ উপদ্ৰৱত হাহাকাৰ লাগিছে স্থানীয় ৰাইজৰ মাজত। আজি পুৱতি নিশা চামগুৰিৰ গেৰুৱামুখত বনৰীয়া হাতীয়ে পুনৰ চলালে সন্ত্ৰাস।

অঞ্চলটোত বনৰীয়া হাতী প্ৰৱেশ কৰি দুটাকৈ বাসগৃহ লণ্ড ভণ্ড কৰাৰ লগতে সমীপৰে খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত কুৰুৱাবাহীত পুৱাৰে পৰা হাতীৰ মুক্ত বিচৰণে সন্ত্ৰস্ত কৰি তুলিছে স্থানীয় ৰাইজক।

ঘটনাৰ খবৰ পাই লগে লগে চামগুৰিৰ গেৰুৱামুখৰ ভুক্তভোগি পৰিয়াল দুটাৰ বাসগৃহত উদমাৰি উপ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ একাংশ বনকৰ্মী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

ইফালে পুৱা পৰ্যন্ত বৃহত্তৰ অঞ্চল দুটাত চূড়ান্ত উপদ্ৰৱ চলোৱা বনৰীয়া হাতী দুটা সম্প্ৰতি কুৰুৱাবাঁহীৰ এখন কাঠনিত অৱস্থান গ্ৰহণ কৰি আছে বুলি শেহতীয়াকৈ স্থানীয় ৰাইজে জানিবলৈ দিছে।

বিশ্বকৰ্মা পূজাৰ পুৱাই হাতীৰ আক্ৰমণত সৰ্বস্বান্ত হোৱা দৰিদ্ৰ পৰিয়াল দুটাই এতিয়া চৰকাৰী পক্ষৰ সহায় বিচাৰিছে।

Related News