NORTHEAST NOW (Assamese)
অসম

টীয়কত এজাক বনৰীয়া হাতীৰ উপদ্ৰৱ : নিৰ্লিপ্ত বন বিভাগ; আতংকিত স্থানীয় ৰাইজ

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক May 8, 2021 8:22 pm
index.jpgkk

যোৰহাট জিলাৰ টীয়ক আৰু মৰিয়নি সমষ্টিৰ সীমান্তৱৰ্তী অঞ্চলৰ বৈদহা চাহ বাগিছাত আজি বিয়লি বন্যহস্তীৰ এটা জাকে আতংকৰ সৃষ্টি কৰে।

জানিব পৰা মতে প্ৰায় ২০টা হাতীৰ জাকটোৱে যোৱা কেইদিনমানৰ পৰা অঞ্চলটোত তাণ্ডৱ চলাই আহিছে।

আজি বিয়লি ভাগত বাগিচাত চাহপাত তুলি থকা অৱস্থাত চাহশ্ৰমিকলৈ চুঁচা লৈ আহে হাতীৰ জাকটোৱে।

অৱশ্যে অঞ্চলটোৰ ৰাইজে হাতীৰ জাকটো খেদি গিৱন অভায়াৰণ্যলৈ পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে যোৰহাট বন বিভাগক খবৰ দিয়াৰ পাছতো বিভাগটোৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া ৰাইজ শংকিত হৈ উজাগৰ নিশা কটাবলগীয়া হৈছে।