NORTHEAST NOW (Assamese)

কৃষ্ণাইত বনৰীয়া হাতীৰ উপদ্ৰৱ; নিশা সাতটা পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড

October 16, 2019 4:46 pm · নীলমণি শৰ্মা
Updated: October 16, 2019 4:48 pm

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ নিকটৱৰ্তী চাৰিগাঁৱত মঙলবাৰে নিশা হাতীৰ এটা বৃহৎ জাকে প্ৰৱেশ কৰি সাতটা পৰিয়ালৰ চৈধ্যটা বাসগৃহ ভাঙি চিঙি চুৰমাৰ কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰিছে।

খাদ্যৰ সন্ধানত গাঁও অঞ্চললৈ নামি অহা হাতীৰ জাকটোৱে চাৰিগাঁৱৰ বিকাশ দৈমাৰী, দিগন্ত দৈমাৰী, মহেশ্বৰ দৈমাৰী, দ্বীপেন বসুমতাৰী, দীপচৰণ দৈমাকী, ধনঞ্জয় দৈমাৰী আৰু বিপুল দৈমাৰীৰ ঘৰত তাণ্ডৱ চলায়।

হাতীৰ জাকটোৰ তাণ্ডৱত পৰিয়ালটোৰ লোকসকলে নিজৰ জীৱন বছাই পলাই সাৰিবলৈ সক্ষম হয় যদিও তেওঁলোকৰ বাসগৃহবোৰ হাতীৰ জাকটোৱে লণ্ডভণ্ড কৰে।

বনৰীয়া হাতীক জাকটো ঘৰৰ ভিতৰত প্ৰবেশ কৰি ধানৰ লগতে সকলো খাদ্য সামগ্ৰ খাই তহিলং কৰাৰ পাছত এটা এটাকৈ ১৪ বাসগৃহ পৰিয়ালৰ চকুৰ সন্মুখতে ভাঙি পেলায়৷

উপায়ন্তৰ গাঁৱবাসী সকলৰ বাবে হাতীৰ জাকটোৱে বাসগৃহ সমূহ ভাঙি পেলোৱাৰ দৃশ্য চাই থকাৰ বাহিৰে আন কোনো উপায় নাছিল।

নিশা ২৫-৩০ জনীয়া হাতীৰ জাকটোৱে গাঁৱত প্ৰৱেশ কৰাৰ সময়ত গাঁৱবাসীয়ে বন বিভাগক খবৰ দিছিল যদিও ঘটনাস্থলীত বন বিভাগৰ কোনো লোক উপস্থিত নহ’ল।

Related News