NORTHEAST NOW (Assamese)

লখিমপুৰত বন্যহস্তীৰ আক্ৰমণত ৫০ বছৰীয়া ব্যক্তিৰ মৃত্যু

March 16, 2024 8:43 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: March 16, 2024 8:47 pm

উত্তৰ অসমত আকৌ আৰম্ভ হৈছে হাতী-মানুহৰ সংঘাত। লখিমপুৰৰ জিলাৰ দ্ৰুপাঙত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।

শুকুৰবাৰে মাজনিশা নাৰায়ণপুৰ থানাৰ অন্তৰ্গত অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ দ্ৰুপাং গাঁৱত বৃহৎ সংখ্যক বন্যহস্তীয়ে আক্ৰমণাত্মক ৰূপ লয়।

বনৰীয়া হাতীৰ জাকটোৱে গাঁওখনত প্ৰৱেশ কৰি শস্য মজুত কৰি থকা ঘৰবোৰ ভাঙি পেলায়। ইয়াৰ পিছতে গাঁৱৰ ৰাইজে হাতীৰ জাকটোক খেদি পঠিয়াবলৈ চেষ্টা কৰে। হাতীৰ জাকটো খেদিবলৈ চেষ্টা কৰি থকাৰ সময়তে ডিম্বেশ্বৰ ফুকন (৫০) নামৰ এগৰাকী ব্যক্তি হাতীৰ গছকত নিহত নহয়। 

উল্লেখযোগ্য কথাটো হ’ল যে হাতীৰ জাকটোৱে গাঁৱত প্ৰৱেশ কৰাৰ সময়ত গাঁৱৰ ৰাইজে বন বিভাগলৈ খবৰ প্ৰেৰণ কৰিছিল যদিও বন বিভাগৰ পৰা কোনো সহাঁৰি লাভ কৰা নাছিল।

ইফালে শনিবাৰে পুৱা বনকৰ্মীৰ এটা দল গাঁওখনত উপস্থিত হোৱাৰ পিছত গাঁৱৰ ৰাইজ ক্ষুব্ধ হৈ পৰে।

ক্ষুব্ধ গাঁওবাসীয়ে অভিযোগ কৰে যে বাৰে বাৰে জনোৱাৰ পিছতো বন বিভাগে অঞ্চলটোত বনৰীয়া হাতীৰ আতংক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

গাঁওবাসীৰ অভিযোগ যে অৰুণাচল প্ৰদেশৰ ফালে বৈদ্যুতিক বেৰ দিয়াৰ ফলত হাতীবোৰ অসম অভিমুখে আগবাঢ়ে।

Related News