NORTHEAST NOW (Assamese)

এইবাৰ হান্তা ভাইৰাছৰ চিকাৰ হ’ব নেকি অসম? চাওক ক’ত চলি আছে এন্দুৰৰ মুকলি বজাৰ

March 25, 2020 5:34 pm · দীপক কুমাৰ পাঠক
Updated: March 25, 2020 6:36 pm

সমগ্ৰ বিশ্বতে ক’ৰ’না ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে নতুনকৈ আবিৰ্ভাৱ হোৱা হান্তা ভাইৰাছৰ চিকাৰত পৰিব নেকি অসম। বাক্সা জিলাৰ একাংশ বজাৰে এতিয়া এনে এক আকংশা কঢ়িয়াই আনিছে।

জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ বিভিন্ন প্ৰান্তত এন্দুৰৰ বৃহৎ চাহিদা আছে। বিশেষকৈ চানতাল জনগোষ্ঠীৰ লোকৰ মাজত জনপ্ৰিয় এই মাংস। অৱশ্যে এতিয়া কেৱল চানতাল জনগোষ্ঠীৰ মাজতে সীমাবদ্ধ হৈ নাথাকি অঞ্চলটোৰ আন আন জনগোষ্ঠীৰ মাজতো এন্দুৰৰ মাংসই প্রিয় খাদ্য হিচাপে স্থান পাইছে।

মধুমেহ ৰোগৰ নিয়ন্ত্ৰণত এন্দুৰৰ মাংস ভাল বুলি মানুহৰ মাজত বহুল প্ৰচাৰ হোৱাৰ পিছত বিগত কিছু বছৰ ধৰি অঞ্চলটোৰ বজাৰসমূহত এন্দুৰৰ মাংসৰ চাহিদা বৃদ্ধি পাইছে। জিলাখনৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি, কুমাৰীকাটা সাপ্তাহিক বজাৰত উপলব্ধ এন্দুৰৰ মাংস।

চানতাল জনগোষ্ঠীৰ লোকসকলে জুম বান্ধি বিভিন্ন ঠাইৰ ধাননি পথাৰৰ পৰা আহিন-কাতি-আঘোণ মাহত বাঁহৰ ফান্দ সাজি চিকাৰ কৰি আনে আৰু নিজে খোৱাৰ উপৰিও বজাৰত বিক্ৰী কৰে। প্ৰতি কিলোগ্ৰাম এন্দুৰৰ দাম প্ৰায় ২০০ টকা।

উল্লেখযোগ্য যে হান্তা ভাইৰাছৰ বাহক হৈছে এন্দুৰ আৰু নিগনি জাতীয় কৃন্তক প্ৰাণী। ইতিমধ্যে উক্ত ভাইৰাছত আক্ৰন্ত হৈ এজন লোকৰ মৃত্যু ঘটিছে।

লগতে পঢ়ক ক’ৰ’নাৰ পিছত এইবাৰ চীনত আবিৰ্ভাৱ হৈছে অন্য এবিধ মাৰাত্মক হান্তা ভাইৰাছ

ক’ৰ’না ভাইৰাছৰ আবিৰ্ভাৱ ভূমি চীনৰ য়ুহান প্ৰদেশতে আবিৰ্ভাৱ হৈছে এইবিধ নতুন ভাইৰাছ।

Related News