NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰাৰ হুংকাৰ ভূপেন বৰাৰ

March 26, 2024 7:50 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব অসম কংগ্ৰেছৰ মুৰব্বী ভূপেন বৰাই। ভূপেন বৰাই শীঘ্ৰেই বিজেপিত যোগদান কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পিছতে এই হুংকাৰ দিছে কংগ্ৰেছ সভাপতিগৰাকীয়ে।

যোৰহাটত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেধৰণৰ বক্তব্যৰে চৰ্চিত বিষয়সমূহ অন্য দিশলৈ ঠেলি দিছে বুলি অভিযোগ কৰে। নিজকে শুদ্ধ পথত থকা বুলি বিশ্বাস জন্মাবলৈ কাইলৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰা হ’ব বুলি ভূপেন বৰাই মন্তব্য কৰে।

তেওঁ দাবী কৰে যে এনে ভিত্তিহীন বক্তব্য দিয়াটো এনে এক কৌশল, যি কৌশল হিমন্ত বিশ্ব শৰ্মাই সময়ে সময়ে ব্যৱহাৰ কৰি প্ৰকৃত কাৰণৰ পৰা দৃষ্টি আঁতৰ কৰে। তেওঁ বিজেপিত যোগদান কৰাৰ কোনো কাৰণ নাই বুলিও দাবী কৰে ভূপেন বৰাই।

“মই নাভাবো যে মই যদি বিজেপিত যোগদান কৰো তেন্তে তেওঁলোকে ৰাইজৰ সমস্যা সমাধান কৰিব। তেওঁলোকে অসমৰ ছয় জনগোষ্ঠীৰ সমস্যাৰ সৈতে মোকাবিলা নকৰে বা নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিয়া কামবোৰো নকৰে।”- তেওঁ লগতে কয়।

তেওঁ লগতে দাবী কৰে যে মুখ্যমন্ত্ৰীয়ে দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে আৰু সেয়েহে ভিত্তিহীন আৰু অসাৰ বক্তব্য দি সংবাদ মাধ্যম আৰু নাগৰিকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে।

উল্লেখ্য যে লখিমপুৰত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই দাবী কৰিছিল যে ২০২৫ চনত ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী ভূপেন বৰাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব বুলি তেওঁ নিশ্চিত। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিৰোধী হিচাপে ভূপেন বৰাৰ মুখামুখি হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰ দি তেওঁ এই মন্তব্য কৰে।

Related News