NORTHEAST NOW (Assamese)
দেশ

বৃদ্ধি পাব নেকি ইন্ধনৰ মূল্য? দেশজুৰি সৃষ্টি হোৱা শংকাৰ মাজতে মুখ খুলিলে কেন্দ্ৰীয় চৰকাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 28, 2026 8:03 pm

চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচন এতিয়া অন্তিম পৰ্যায়ত উপনীত হৈছে। বিশেষকৈ পশ্চিমবংগত নিৰ্বাচনী প্ৰক্ৰিয়া আগবঢ়াৰ লগে লগে সমগ্ৰ দেশতে এক ধৰণৰ ত্ৰাসৰ সৃষ্টি হৈছে যে নিৰ্বাচন শেষ হোৱাৰ লগে লগে পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ দাম অস্বাভাৱিকভাৱে বৃদ্ধি পাব। এই শংকাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত মানুহে আগতীয়াকৈ ইন্ধন মজুত কৰিবলৈ আৰম্ভ কৰিছে, যাৰ ফলত বহু ঠাইত অস্বাভাৱিক ভিৰ পৰিলক্ষিত হৈছে। বিশেষকৈ অন্ধ্ৰপ্ৰদেশৰ দৰে ৰাজ্যত পেট্ৰ’ল পাম্পত গ্ৰাহকৰ ভিৰ ইমানেই বাঢ়িছে যে পেট্ৰ’লৰ চাহিদা প্ৰায় ৩৩ শতাংশলৈ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত সাধাৰণ ৰাইজক আতংকিত নহ’বলৈ আৰু কোনো উৰাবাতৰিত ভোল নাযাবলৈ আহ্বান জনাইছে মোদী চৰকাৰে।

মধ্যপ্ৰাচ্যৰ যুদ্ধ আৰু হৰমুজ প্ৰণালীত সৃষ্টি হোৱা অচলাৱস্থাৰ বাবে যোৱা এমাহ ধৰি বিশ্বজুৰি ইন্ধন সংকটৰ কথা চৰ্চা হৈ আছে। ভাৰততো ইয়াৰ প্ৰভাৱ পৰাৰ আশংকাত বহুতে ধৰি লৈছে যে চৰকাৰে নিৰ্বাচনৰ বাবেই বৰ্তমান মূল্যবৃদ্ধি ৰখাই থৈছে। কিন্তু পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ স্পষ্টকৈ জনাইছে যে পেট্ৰ’ল বা ডিজেলৰ মূল্য বৃদ্ধি কৰাৰ বৰ্তমান কোনো পৰিকল্পনা চৰকাৰৰ নাই। বিভিন্ন ঠাইত চলি থকা এই প্যানিক বায়িং বা আতংকিত হৈ সামগ্ৰী ক্ৰয় কৰা কাৰ্যত চৰকাৰে উদ্বেগ প্ৰকাশ কৰিছে আৰু ৰাজ্য চৰকাৰসমূহৰ সৈতে যোগাযোগ কৰি ইন্ধনৰ যোগান স্বাভাৱিক ৰখাৰ নিৰ্দেশ দিছে।

কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে দেশত বৰ্তমান এলপিজি, পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত ভাণ্ডাৰ আছে। গতিকে কোনো ধৰণৰ নাটনি হোৱাৰ সম্ভাৱনা নাই। চৰকাৰী সূত্ৰৰ বাহিৰে আন কোনো উৰাবাতৰিত বিশ্বাস নকৰিবলৈ সচিবগৰাকীয়ে ৰাইজক অনুৰোধ জনাইছে। যদিও মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ বাবে কিছুমান ক্ষেত্ৰত গেছ চিলিণ্ডাৰ বুকিং কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে, তথাপিও কেন্দ্ৰীয় চৰকাৰে দাবী কৰিছে যে ইন্ধন সংকটৰ খবৰবোৰ সম্পূৰ্ণৰূপে ভিত্তিহীন। চৰকাৰে বিক্ৰেতাসকলৰ ওপৰতো চকু ৰাখিছে যাতে কোনোৱে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিব নোৱাৰে আৰু বজাৰত ইন্ধনৰ মূল্য নিয়ন্ত্ৰণত থাকে।