NORTHEAST NOW (Assamese)

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

May 24, 2022 9:12 pm · এন ই নাও নিউজ, গুৱাহাটী

দেশৰ ৰাজনীতিত এতিয়া মন্দিৰ-মছজিদ, হিন্দু-মুছলমানৰ বতাহ বলিছে। দেশৰ পৌৰাণিক ঐতিহাসিক সমলসমূহত হিন্দুত্বৰ ৰহন সনাৰ ধুম ধুম উঠিছে। বিশেষকৈ মোগল শাসনকালত নিৰ্মিত প্ৰাচীন কীৰ্তি-চিহ্নসমূহত হিন্দুত্বৰ আধাৰ উদ্ভাৱনৰ তাড়নাত উঠিপৰি লাগিছে হিন্দুত্ববাদী মহল।

সমসাময়িকভাৱে দেশৰ বিভিন্ন প্ৰান্তত মুছলমানসকলৰ উপাসনাস্থলী মছজিদে মছজিদে হিন্দুৰ মঠ-মন্দিৰৰ অৱশিষ্ট উদ্ধাৰ অভিযানত নামি পৰিছে হিন্দুত্ববাদী আদৰ্শৰে পৰিপুষ্ট একাংশ লোক। শেহতীয়াকৈ বাৰানসীৰ জ্ঞানৱাপী মছজিদত শিৱলিঙ্গ উদ্ধাৰৰ দাবীৰ পিছতে এই অভিযান কাশী-মথুৰাৰ পৰা তাজমহল, কুতুব মিনাৰলৈকে শিপাইছে।

এনে সময়তে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট ইতিহাসবিদ ৰফান হাবিবে এক উল্লেখনীয় মন্তব্য আগবঢ়াইছে। দেশৰ সাম্প্ৰতিক এই বিতৰ্কিত বিষয়সমূহৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ মোগল সম্ৰাট ঔৰঙ্গজেবে যিদৰে মন্দিৰ ধ্বংস কৰি ভুল কৰিছিল, তেনেদৰে বৰ্তমানৰ চৰকাৰেও একেই পথকে অনুসৰণ কৰি ভুল কৰিব নেকি বুলি প্ৰশ্ন কৰে।

খ্যাতনামা ইতিহাসবিদ গৰাকীয়ে কয় যে, মোগল সম্ৰাট জাহাংগীৰৰ শাসনকালত ৰাজা বীৰ সিং বুন্দেলাই কাশী আৰু মথুৰাৰ মন্দিৰ নিৰ্মাণ কৰিছিল। ইতিহাসৰ তথ্য অনুসৰি পিছত এই মন্দিৰ সমূহ ঔৰঙ্গজেবে ধ্বংস কৰিছিল। ইয়াত কোনো সন্দেহ নাই।

তেওঁ কয়, “ঔৰঙ্গজেবে মন্দিৰসমূহ ধ্বংস কৰাৰ সবিশেষ তথ্য ইতিহাসত লিপিবদ্ধ কৰা হৈছে। সেই সময়ত এইয়া কোনো গোপন কথা নাছিল।”

আনহাতে বাৰানসীৰ জ্ঞানৱাপীত শিৱলিঙ্গ বুলি দাবী কৰা গাঁথনিটোৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে হাবিবে। তেওঁ কয় যে জ্ঞানৱাপীত শিৱলিঙ্গ উদ্ধাৰক লৈ যথেষ্ট চৰ্চা হৈছে। কিন্তু জ্ঞানৱাপী বিতৰ্কৰ ক্ষেত্ৰত দাখিল কৰা আৱেদনখনত শিৱলিঙ্গৰ বিষয়ে কোনো তথ্যৰ উল্লেখ নাই।

তদুপৰি তেওঁ কয়, শিৱলিঙ্গ বনোৱাৰ কিছু নিৰ্দিষ্ট নিয়ম আছে। আকৃতিৰ একে হ’লেও যিকোনো বস্তুকে শিৱলিঙ্গ বুলি ক’ব নোৱাৰি।” বৰ্তমান শিৱলিঙ্গক কেন্দ্ৰ কৰি এক নতুন সমস্যাৰ সৃষ্টি কৰা হৈছে বুলি তেওঁ মত পোষণ কৰে।

দেশত ক্ৰমান্বয়ে মছজিদ-মন্দিৰ বিতৰ্ক বৃদ্ধি পাই অহাত ক্ষোভ উজাৰি ইতিহাসবিদগৰাকীয়ে কয়, “যেতিয়া মন্দিৰসমূহ ভাঙি পেলোৱা হৈছিল, তেতিয়া ইয়াৰ শিলবোৰ মছজিদত ব্যৱহাৰ কৰা হৈছিল। স্বাভাৱিকতেই এনে পৰিস্থিতিত মছজিদত হিন্দু ধৰ্মৰ চিহ্ন থকা শিল ব্যৱহৃত হৈছিল। সেইদৰে বৌদ্ধ ধৰ্মৰ সৈতে সম্পৰ্কিত শিলৰ উপস্থিতিও বহুতো মন্দিৰত পোৱা যাব।”

এই প্ৰসঙ্গতে তেওঁ চিতোৰত ৰাণা কুম্ভাই নিৰ্মাণ কৰা মিনাৰৰ কথা উল্লেখ কৰে। হাবিবে কয় যএ মিনাৰৰ এটা শিলৰ ওপৰত আৰবী ভাষাত ‘আল্লা’ বুলি লিখা হৈছে, কিন্তু এই বাবেই এই মিনাৰটোক কোনোৱে মছজিদ বুলি দাবী কৰিব নোৱাৰে।

তেওঁ কয় যে যেতিয়াই পুৰণি সময়ত মছজিদ বা মন্দিৰ নিৰ্মাণ কৰা হৈছিল, সেই সমূহত বৌদ্ধ মঠৰ শিল পোৱা গৈছিল। সেই শিলৰ উপস্থিতিৰ দোহাই দি মন্দিৰ ভঙাৰ সিদ্ধান্ত হ’ব মূৰ্খতাৰ পৰিচয়। এনে পৰিস্থিতিত বহুতো মন্দিৰ ধ্বংস হ’ব।

Related News