NORTHEAST NOW (Assamese)

কলম্বিয়াৰ বাবে বোজা হোৱা নৰখাদক জলহস্তীৰ আশ্ৰয়স্থল হ’ব নেকি গুজৰাট?

April 30, 2026 6:20 pm ·
Updated: May 21, 2026 10:38 am

কলম্বিয়াৰ কুখ্যাত ড্ৰাগছ মাফিয়া পাবলো এস্কোবাৰৰ ব্যক্তিগত চিৰিয়াখানাৰ পৰা বংশবৃদ্ধি হোৱা ৮০টা জলহস্তী বা কোকেইন হিপক মৃত্যুৰ মুখৰ পৰা বচাবলৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে। কলম্বিয়া চৰকাৰে এই বন্যপ্ৰাণীসমূহৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা আৰু পৰিৱেশতন্ত্ৰৰ ক্ষতি কৰাৰ দোহাই দি ইহঁতক হত্যা কৰাৰ যি পৰিকল্পনা কৰিছে, তাক বন্ধ কৰিবলৈ তেওঁ আহ্বান জনাইছে। আম্বানীয়ে এই জীৱ-জন্তুবোৰক গুজৰাটৰ জামনগৰত থকা তেওঁৰ সপোনৰ প্ৰকল্প বনতৰা বন্যপ্ৰাণী কেন্দ্ৰলৈ আনি পুনৰ সংস্থাপন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

অনন্ত আম্বানীয়ে সামাজিক মাধ্যমৰ জৰিয়তে মত প্ৰকাশ কৰিছে যে এই জলহস্তীবোৰে কত জন্ম লব সেয়া নিজে বাছি লোৱা নাছিল আৰু বৰ্তমানৰ জটিল পৰিস্থিতিৰ বাবেও ইহঁত দায়ী নহয়। তেওঁৰ মতে এইবোৰ হৈছে সচেতন আৰু জীৱন্ত সত্তা, গতিকে মানৱীয় দৃষ্টিভংগীৰে ইহঁতক সুৰক্ষা দিয়াটো আমাৰ নৈতিক দায়িত্ব। এই উদ্দেশ্যে ভন্তৰাৰ মুখ্য কাৰ্যবাহী বিষয়া ভিভান কাৰানীয়ে ইতিমধ্যে কলম্বিয়া চৰকাৰলৈ এখন সবিশেষ পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত উল্লেখ কৰা হৈছে যে বনতৰাই জলহস্তীবোৰৰ বৰ্তমানৰ বাসস্থানৰ সৈতে মিল থকাকৈ এক বিশেষ পৰিৱেশ নিৰ্মাণ কৰি ইহঁতৰ আজীৱন যত্ন লবলৈ সম্পূৰ্ণ সাজু হৈ আছে।

উল্লেখ্য যে আশীৰ দশকত পাবলো এস্কোবাৰে আফ্ৰিকাৰ পৰা মাত্ৰ চাৰিটা জলহস্তী আনি নিজৰ ব্যক্তিগত চিৰিয়াখানাত ৰাখিছিল। ১৯৯৩ চনত এস্কোবাৰৰ মৃত্যুৰ পাছত সেইবোৰ চোৱাচিতা কৰিবলৈ কোনো নোহোৱাত ইহঁতে লাহে লাহে স্থানীয় মাগডেলিনা নদীত আশ্ৰয় লৈ বংশবৃদ্ধি কৰিবলৈ ধৰে। বৰ্তমান কলম্বিয়াত এই হিপৰ সংখ্যা প্ৰায় ২০০ লৈ বৃদ্ধি পাইছে। স্থানীয় কৰ্তৃপক্ষৰ মতে এই বহিৰাগত প্ৰজাতিটোৱে থলুৱা গছ-গছনি আৰু মাছমৰীয়াসকলৰ বাবে বিপদৰ সৃষ্টি কৰিছে। সেইবাবেই চৰকাৰে ৮০টা হিপক ইউথেনাচিয়া বা নিৰ্দয়ভাৱে হত্যা কৰাৰ সিদ্ধান্ত লৈছিল, যিটো সিদ্ধান্তক এতিয়া অনন্ত আম্বানীয়ে প্ৰত্যাহ্বান জনাই এক নিৰাপদ বিকল্প আগবঢ়াইছে।

Related News