NORTHEAST NOW (Assamese)

আকৰ্ষণীয় হ’ব দিল্লীৰ সাপ্তাহিক বজাৰ, আমেৰিকাও হ’ব আচৰিত : কেজৰিৱাল

August 26, 2020 8:12 am · এন ই নাও নিউজ

শিক্ষা আৰু স্বাস্থ্য খণ্ডত ব্যাপক পৰিৱৰ্তন সাধন কৰা দিল্লীৰ অৰৱিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰে এইবাৰ সাপ্তাহিক বজাৰ আৰু পদপথৰ ব্যৱসায়ীসকলৰ বাবে বিশেষ আঁচনি প্ৰস্তুত কৰিছে।

এই প্ৰসংগত কেজৰিৱালে কয় যে দিল্লীৰ সাপ্তাহিক বজাৰক উন্নত আৰু সংগঠিত কৰি আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তোলা হ’ব, যাতে আমেৰিকাৰ লগতে আন দেশৰ পৰ্যটকে সাপ্তাহিক বজাৰলৈ আহি আচৰিত হৈ পৰে।

সাপ্তাহিক বজাৰ সমূহক দিল্লীৰ পৰিচয় আৰু বিশেষ কৰি তোলা হ’ব বুলিও মুখ্য মন্ত্ৰী কেজৰিৱালে কয়।

তেওঁ লগতে কয় যে হংকঙৰ লগতে অন্যান্য দেশৰ দৰে দিল্লী চৰকাৰেও ইয়াৰ সাপ্তাহিক বজাৰ আৰু পদপথৰ ব্যৱসায়ীসকলক উৎসাহিত কৰিব।

মঙলবাৰে মুখ্য মন্ত্ৰী কেজৰিৱালে সাপ্তাহিক বজাৰৰ প্ৰতিনিধিৰ সৈতে এক আলোচনা মিলিত হয়।

আলোচনা কালত তেওঁ কয় যে আমাৰ দেশত এনেকুৱা এটা পৰিৱেশ গঢ়ি তোলা হৈছে যে সাপ্তাহিক বজাৰ আৰু পদপথৰ ব্যৱসায়ীসকল এক সমস্যা আৰু তেওঁলোকৰ বাবে ৰাস্তা-ঘাটবোৰৰ অৱস্থা শোচনীয় হয়।

ইফালে প্ৰতিনিধিসকলে মুখ্য মন্ত্ৰীৰ সৈতে হোৱা আলোচনাত যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰে আৰু সাপ্তাহিক বজাৰ সমূহ খোলাৰ অনুমতি দিয়াৰ বাবে মুখ্য মন্ত্ৰীক ধন্যবাদো জ্ঞাপন কৰে।

মুখ্য মন্ত্ৰী কেজৰিৱালে উন্নত দেশ সমূহৰ প্ৰসংগ উত্থাপন কৰি কয় যে প্ৰতিখন উন্নত দেশৰ দৰে দিল্লীৰো প্ৰতিখন বজাৰ তেনেকুৱাকৈ গঢ়ি তোলা হ’ব আৰু ইয়াৰ বাবে আঁচনিও প্ৰস্তুত কৰাৰ চিন্তা চৰ্চা কৰা হৈছে।

Related News