NORTHEAST NOW (Assamese)
অসম

পায়খানাৰ টেংকিত উদ্ধাৰ ১৩ বছৰীয়া ধৰ্ষিতাৰ মৃতদেহ : ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’বনে অসম আৰক্ষী?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 4, 2023 1:46 pm
rape in Assam

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। বুধবাৰে সন্ধিয়া মাৰ্ঘেৰিটা আৰক্ষীয়ে চেপ্টিক টেংকৰ পৰা নাবালিকা কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

সূত্ৰ অনুসৰি আনন্দ তাঁতীয়ে নাবালিকাগৰাকীক ধৰ্ষণ আৰু হত্যা কৰি মৃতদেহটো চেপ্টিক টেংকত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

নাবালিকা গৰাকীয়ে যোৱা ৩০ এপ্ৰিলত বিহুৰ অনুষ্ঠান চাবলৈ গৈছিল। কিন্তু অনুষ্ঠানটোত নিশা পলম হোৱাৰ বাবে তাই আনন্দ তাঁতীৰ বাসগৃহতে ৰাতি কটোৱাৰ সিদ্ধান্ত লৈছিল। কিয়নো নাবালিকা গৰাকীৰ পৰিয়ালৰ লগত আনন্দ তাঁতীৰ পৰিয়ালৰ লগত ভাল সম্পৰ্ক আছিল।

আৰক্ষী বিষয়া এজনে কয়, ‘আনন্দ তাঁতিয়ে পৰিস্থিতিৰ সুযোগ লৈ নাবালিকাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰে আৰু পিছত মৃতদেহটো চেপ্টিক টেংকত পেলাই দিয়ে।’

জানিব পৰা মতে আনন্দ তাঁতী বৰ্তমানৰ পলাতক অৱস্থাত আছে। ইতিমধ্যে আৰক্ষীয়ে আনন্দ তাঁতীৰ পত্নীক সোধা-পোচাৰ বাবে আটক কৰি ৰাখিছে।

ইফালে, স্থানীয় ৰাইজে এই জঘন্য অপৰাধৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছে। বৃহস্পতিবাৰে প্ৰতিবাদকাৰীয সকলে মাৰ্ঘেৰিটা আৰক্ষী থানা ঘেৰাও কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে।

ইতিমধ্যে নাবালিকাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাব প্ৰেৰণ কৰা হৈছে।