NORTHEAST NOW (Assamese)

অসম কংগ্ৰেছত ‘পৰিৱৰ্তন’ৰ বতাহ!

September 22, 2018 6:47 pm · এন ই নাও নিউজ
Updated: September 22, 2018 7:04 pm
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা। ফাইল ছবি।

বিজেপি প্ৰতিশ্ৰুত ‘পৰিৱৰ্তন’ৰ বতাহছাতি এতিয়াও আহি নাপালেও অসম কংগ্ৰেছত বলিছে ‘অভ্যন্তৰীণ পৰিৱৰ্তন’ৰ সামান্য হাৱা।

প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিযুক্তি দিয়া হৈছে মৃদুল মালাকাৰ আৰু কমল কুমাৰ মেধিক।

যোৱা লোকসভা নিৰ্বাচনত বিধ্বস্ত হোৱা কংগ্ৰেছে শেহতীয়াকৈ দেশজুৰি কিছু সফলতা পোৱাৰ পিছতে মুখপাত্ৰৰ লগতে ইলেক্ট্ৰনিক মিডিয়াত বিভিন্ন বিষয়ত দলৰ অভিমত সন্দৰ্ভটো গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।

ইলেক্ট্ৰনিক মিডিয়াত দলৰ মত প্ৰতিনিধিত্ব কৰাৰ বাবে মিডিয়া পেনেলিষ্টৰূপে নিযুক্তি দিয়া হৈছে বেনজিৰ আৰফান আৰু শান্তনু বৰাক।

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (প্ৰশাসন) শৈলেন বৰাই জানিবলৈ দিয়া মতে এই সন্দৰ্ভত সভাপতি ৰিপুন বৰাই এক নিৰ্দেশ জাৰি কৰিছে।

এন এচ য়ু আইৰ সদস্যৰূপে ৰাজনৈতিক জীৱন আৰম্ভ কৰা নৱনিযুক্ত মুখপাত্ৰ মালাকাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক আছিল। বৃত্তিত অধিবক্তা মালাকাৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ লগতে প্ৰদেশ যুৱ কংগ্ৰেছৰো সাধাৰণ সম্পাদক আছিল।

আনহাতে জনপ্ৰিয় কবি মেধিয়ে কংগ্ৰেছৰ পূৰ্বে আম আদমি পাৰ্টিত যোগ দিছিল-যিটো কংগ্ৰেছত যোগদানৰ মুহূৰ্তত তেওঁ অস্বীকাৰ কৰিছিল। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাৰূপে তেওঁ জনসমাজত পৰিচিতি লাভ কৰিছিল।

অখিল গগৈৰ বিৰুদ্ধে ‘স্বেচ্ছাচাৰিতা’ৰ অভিযোগ তুলি মেধিয়ে ২০১৬ চনত কৃষক মুক্তি ত্যাগ কৰিছিল।

Related News