NORTHEAST NOW (Assamese)
অসম

কিয় পিছুৱাই দিয়া হৈছে সংসদৰ শীতকালীন অধিৱেশন? ৰহস্য জানিবলৈ উদগ্ৰীব বিৰোধী

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 20, 2022 4:42 pm

এইবাৰ প্ৰচলিত নিয়ম ভংগ কৰি সংসদৰ শীতকালীন অধিৱেশন পিছুৱাই দিয়া হৈছে। সাধাৰণতে নৱেম্বৰৰ তৃতীয় সপ্তাহত আৰম্ভ হয় সংসদৰ শীতকালীন অধিৱেশন।

এই অধিৱেশন সাধাৰণতে ডিচেম্বৰ মাহৰ খ্ৰীষ্টমাছৰ আগতে শেষ কৰা হয়। কিন্তু এইবাৰ কিছু ব্যতিক্ৰম ঘটিছে। বহুতৰ ধাৰণা যে গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ বাবেই সংসদৰ শীতকালীন অধিৱেশন পুনৰ পিছুৱাই দিয়া হৈছে

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়েপ্ৰকাশ কৰা মতে সংসদৰ শীতকালীন অধিৱেশন ৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ২৯ ডিচেম্বৰলৈকে চলি থাকিব।

এই ২৩ দিনত মুঠ ১৭ টা কৰ্ম দিন উপলব্ধ হ’ব।উল্লেখ্য বিৰোধী শিবিৰে আগতেঅ এইবুলি ভৱিষ্যতবাণী কৰিছিল যে গুজৰাট নিৰ্বাচনৰ বাবে কেন্দ্ৰই এইবাৰো সংসদৰ শীতকালীন অধিৱেশন স্থগিত ৰাখিব পাৰে। সময়ত সেয়াই হোৱা দেখা গৈছে।

গুজৰাটত ১ আৰু ৫ ডিচেম্বৰত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ বাবে যিহেতু বিজেপিৰ নেতাসকল ব্যস্ত থাকিবলগীয়া হ’ব সেয়ে সংসদৰ শীতকালীন অধিৱেশন পিছুৱাই দিয়া হৈছে বুলি বহুতে আলোচনা কৰিছে।