NORTHEAST NOW (Assamese)
Popular Stories

সৰ্বকালৰ সৰ্বাধিক দৰ্শক: অভিলেখ ৰচিলে বিশ্বকাপ ২০২৩-এ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 21, 2023 7:56 pm
Cricket World Cup 2023

ডেৰমাহ জোৰা প্ৰতিযোগিতাৰ অন্তত ১৯ নৱেম্বৰত সামৰণি পৰিল ক্ৰিকেট বিশ্বকাপ ২০২৩। আয়োজক দেশ ভাৰতক সহজে পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে বিশ্বকাপ দখল কৰিলে অষ্ট্ৰেলিয়াই।

সফল সামৰণিৰ পিছত এইবাৰৰ বিশ্বকাপে ইতিহাসৰ অন্যতম বৃহৎ আই চি চি ইভেণ্ট হিচাপে পৰিগণিত হৈছে। সৃষ্টি কৰিছে সৰ্বকালৰ সৰ্বাধিক দৰ্শকৰ অভিলেখ।

দেওবাৰে সমাপ্ত হোৱা বিশ্বকাপৰ ত্ৰয়োদশ সংস্কৰণত অভিলেখ সৃষ্টিকাৰী ১২.৫ লাখ অনুৰাগীয়ে মেচ পৰিদৰ্শন কৰিছিল বুলি আই চি চিয়ে সদৰী কৰিছে।

আই চি চিৰ তথ্য অনুসৰি, এইবাৰৰ বিশ্বকাপ ষ্টেণ্ডৰ পৰা মুঠ ১,২৫০,৩০৭ জন অনুৰাগীয়ে দৰ্শন কৰিছিল, যি ২০১৫ চনৰ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড বিশ্বকাপত হোৱা পূৰ্বৰ ১.০১৬ মিলিয়ন অনুৰাগীৰ সীমা অতিক্ৰম কৰে।

লক্ষনীয়ভাৱে, আয়োজক ভাৰতে অংশ নোলোৱা প্ৰাৰম্ভিক মেচসমূহত যথেষ্ট খালী আসন দেখিবলৈ পোৱা গৈছিল। তথাপি সামগ্ৰিকভাৱে দৰ্শকৰ সংখ্যাই ছখন খেল বাকী থকা অৱস্থাতে এক মিলিয়নৰ সীমা অতিক্ৰম কৰিছিল।