NORTHEAST NOW (Assamese)
দেশ

নেচনেল হেৰাল্ড গোচৰ: গান্ধী পৰিয়ালৰ সৈতে জড়িত ৭৫২ কোটি টকাৰ সম্পত্তি জব্দ ইডিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 21, 2023 8:55 pm
National Herald case

নেচনেল হেৰাল্ড গোচৰৰ তদন্ত চলাই থকা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে কংগ্ৰেছৰ ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ সৈতে জড়িত কোম্পানী ইয়ং ইণ্ডিয়ানৰ ৯০ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে।

জব্দকৃত সম্পত্তিৰ ভিতৰত দিল্লী আৰু মুম্বাইৰ নেচনেল হেৰাল্ড হাউছ আৰু লক্ষ্ণৌৰ নেহৰু ভৱনো আছে। সূত্ৰই অনুসৰি, জব্দ কৰা এছ’চিয়েটেড জাৰ্নেলৰ সম্পত্তিৰ সামগ্ৰিক মূল্য ৭৫২ কোটি টকা।

নেচনেল হেৰাল্ড কাকতৰ সৈতে জড়িত ধন সৰবৰাহৰ অভিযোগৰ গোচৰৰ তদন্ত অব্যাহত ৰখা ইডিয়ে ইতিপূৰ্বে কংগ্ৰেছ নেতাদ্বয় ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক এই সন্দৰ্ভত সোধা-পোছা কৰিছে।

উল্লেখ্য যে, নেচনেল হেৰাল্ড পৰিচালনা কৰা এছ’চিয়েটেড জাৰ্নেলছ লিমিটেডক অধিগ্ৰহণ কৰাৰ ক্ষেত্ৰত ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেডে প্ৰতাৰণা, ষড়যন্ত্ৰ কৰাৰ লগতে অপৰাধমূলক আস্থা ভংগৰ অভিযোগ উত্থাপন হৈছে।

আজি ইডিয়ে এক টুইট যোগে কয় যে, “পি এম এল এ, ২০০২ৰ অধীনত তদন্ত কৰা ধন সৰবৰাহৰ গোচৰত ইডিয়ে ৭৫১.৯ কোটি টকা মূল্যৰ সম্পত্তি সাময়িকভাৱে জব্দ কৰাৰ নিৰ্দেশ জাৰি কৰিছে।”

ইফালে কংগ্ৰেছৰ অভিষেক সিংভীয়ে এক টুইটযোগে বিধানসভা নিৰ্বাচন চলি থকা ৰাজ্যসমূহত সম্ভাৱ্য পৰাজয়ৰ পৰা মনোযোগ আঁতৰাই নিয়াৰ উদ্দেশ্যে ইডিয়ে এইদৰে সম্পত্তি সংলগ্ন কৰাৰ প্ৰতিবেদন প্ৰকাশ কৰা বুলি দাবী কৰিছে।

এনে প্ৰতিশোধৰ কৌশলে কংগ্ৰেছ বা বিৰোধীক দুৰ্বল কৰি তুলিব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰিছে।