NORTHEAST NOW (Assamese)
অসম

দেশত হোৰা-হোৰে বাঢ়িছে অমিক্ৰন আক্ৰান্ত ৰোগীৰ সংখ্যা, আজি কিমান হ’ল?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 30, 2021 11:35 am
covid19-750x375

কোভিডৰ দক্ষিণ আফ্ৰিকাৰ প্ৰজাতি অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা দেশত প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে। আজিৰ দিনটোত দেশত অমিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ৯৬১ গৰাকী।

বিগত ২৪ ঘণ্টাত দেশত ১৩,১৫৪ গৰাকী লোক কোভিডত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু ঘটিছে ২৬৮ গৰাকী লোকৰ।

চৰকাৰী তথ্য অনুসৰি, দেশত অমিক্ৰন আক্ৰান্তৰ সংখ্যা ৯৬১ লৈ বৃদ্ধি হৈছে। সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা হৈছে ৮২,৪০২ গৰাকী।

ভাৰতত এতিয়ালৈকে কোভিডৰ পৰা আৰোগ্য হোৱা মুঠ লোকৰ সংখ্যা হৈছে ৩,৪২,৫৮,৭৭৮ গৰাকী।২৪ ঘণ্টাত ৭,৪৮৬ গৰাকী লোক কোভিডৰ পৰা আৰোগ্য হৈছে।

অমিক্ৰনৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত গোৱাই কেছিনো বোৰত ৫০ শতাংশ লোক উপস্থিত থকাৰ অনুমতি দিছে।

সম্পূৰ্ণৰূপে টিকাকৰণ কৰা লোক বা আৰটি-পিচিআৰ পৰীক্ষা নিগেটিভ লোককহে চিনেমা হল আৰু মনোৰঞ্জন উদ্যানকে ধৰি আন কিছুমান প্ৰতিষ্ঠানত প্ৰৱেশৰ অনুমতি দিছে গোৱাৰ চৰকাৰে।

মহাৰাষ্ট্ৰ, দিল্লীৰ চৰকাৰে অমিক্ৰনৰ সংক্ৰমণৰ বাবে কঠোৰ বিধি বলৱৎ কৰিছে।