NORTHEAST NOW (Assamese)

চীনৰ সহায়ত কিস্তি কিস্তিকৈ ছৌদি আৰৱৰ ঋণ পৰিশোধ পাকিস্তানৰ

December 18, 2020 5:51 pm · এন ই নাও নিউজ
Updated: December 18, 2020 7:32 pm

বন্ধু ৰাষ্ট্ৰ চীনৰ সহায়েৰে পাকিস্তানে ছৌদি আৰবৰ ঋণ পৰিশোধ কৰিলে।

পাকিস্তানে ছৌদি আৰৱক দ্বিতীয় কিস্তিত দিবলগীয়া এক বিলিয়ন ডলাৰ ঋণ বেইজিং প্ৰশানৰ সহায়েৰে ঘুৰাই দিবলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বে পাকিস্তানে ১ বিলিয়ন ঋণ ছৌদি আৰবীয়াক পৰিশোধ কৰিছিল।

‘‘আমাক উদ্ধাৰ কৰাৰ বাবে চীন আগবাঢ়ি আহিল,’’ পাকিস্তানৰ বৈদেশিক মন্ত্ৰ্যালয়ে এইদৰে প্ৰকাশ কৰে।

শেহতীয়াভাৱে পাকিস্তানে ক্ৰমাৎ তুৰ্কীৰ প্ৰতি বৃদ্ধি কৰা সমৰ্থনৰ বাবে ছৌদি আৰৱে পাকিস্তানে পৰিশোধ কৰিবলগীয়া ৩ বিলিয়ন ডলাৰৰ ঋণ শীঘ্ৰে পৰিষোধ কৰাৰ বাবে আদেশ দিছিল।

ছৌদি আৰৱৰ নিৰ্দেশৰ পাছতে ইছলামাবাদ যথেষ্ট অসুবিধাত পৰিছিল যদিও চীনে সহায়ৰ হাত আগবঢ়ায়।

পাকিস্তানে আগন্তুক মাহত পুনৰ ১ বিলিয়ন ডলাৰৰ ঋণ পাকিস্তানক পৰিশোধ কৰিব লাগিব।

বিগত সময়ছোৱাত পাকিস্তানে বিভিন্ন বিষয়ত ছৌদি আৰৱৰ পৰিৱৰ্তে তুৰ্কীৰ পক্ষ গ্ৰহণ কৰাক লৈ ছৌদি আৰৱৰ চৰকাৰ পাকিস্তানৰ প্ৰতি ক্ষুণ্ণ হৈ পৰিছিল।

ছৌদি আৰৱে পাকিস্তানে ক্ৰয় কৰা খাৰুৱা তেলৰ মূল্যৰ ক্ষেত্ৰতো যথেষ্ট সালসলনি কৰিছে।

Related News