NORTHEAST NOW (Assamese)

অ’মিক্ৰণ সংক্ৰমণৰ বৃদ্ধিৰ সংশয়ৰ মাজতে কাপোৰৰ মাস্ক ব্যৱহাৰকাৰীক সাৱধান বিশেষজ্ঞৰ

December 23, 2021 2:33 pm · এন ই নাও নিউজ, গুৱাহাটী

ক’ভিদৰ নতুন প্ৰজাতি অ’মিক্ৰনৰ দৈনিক সংক্ৰমণ বৃদ্ধিৰ মাজতে পুনৰ ব্যৱহাৰযোগ্য ৰঙীন,ফেশ্যনেবল কাপোৰৰ মাক্স ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান কৰিছে বিশেষজ্ঞমহলে।

অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাথমিক স্বাস্থ্য সেৱাৰ অধ্যাপক ট্ৰিশ গ্ৰীণহাল্গে কয়, “ব্যৱহাৰ কৰা কাপোৰৰ ওপৰত এনে কাপোৰৰ মাস্ক ব্যৱহাৰ সঁচাকৈয়ে উচিত নে অনুচিত নিৰ্ভৰ কৰে।”

সামগ্ৰীৰ মিশ্ৰণেৰে তৈয়াৰ কৰা দুগুণ বা তিনি-স্তৰৰ মুখা অধিক কাৰ্যকৰী হ’ব পাৰে। কিন্তু গ্ৰীণহাল্গৰ মতে বেছিভাগ কাপোৰৰ মাস্ক কেৱল ফেশ্বন আনুষঙ্গিক।

“কাপোৰৰ মাস্ক ব্যৱহাৰৰ মুখ্য সমস্যা হ’ল এইবোৰে কোনো ধৰণৰ স্বাস্থ্যমান পূৰণ কৰিব নোৱাৰে”—গ্ৰীণহাল্গে কয়। ইয়াৰ বিপৰীতে N-95 ৰেস্পিৰেটৰ মাস্ক নিৰ্মাণ কৰা সকলে নিশ্চিত কৰিব লাগিব যে এনে মাস্কে ৯৫ শতাংশ কণা ফিল্টাৰ কৰে।

তথাপিও যদি মাস্কখনে ব্যৱহাৰকাৰীৰ নাক আৰু মুখ সঠিকভাৱে ঢাকি নাৰাখে তেন্তে ভাল পৰিস্ৰাৱন অপ্ৰয়োজনীয়। মাস্ক পৰিহিত ব্যক্তিজনে মাস্কখনৰ জৰিয়তে সহজে উশাহ ল’বলৈ সক্ষম হ’ব লাগিব বুলি গ্ৰীণহাল্গে লগতে কয়।

আনহাতে যোৱা সপ্তাহত চিটিভি বাতৰিৰ সৈতে এক সাক্ষাৎকাৰত অণ্টাৰিঅ’ৰ বিজ্ঞান পৰামৰ্শদাতা তালিকাৰ মুৰব্বী পিটাৰ জুনিয়ে এই সন্দৰ্ভত কয়, “এনে মাস্কৰ মূল সমস্যা হৈছে এইবোৰৰ একক স্তৰ আছে আৰু এনে মাস্কৰ ফিল্টাৰ কৰাৰ সামৰ্থ্য একেবাৰে নিম্নতম।”

Related News