NORTHEAST NOW (Assamese)
অসম

‘কৃষি আইন বাতিল কৰক’- মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছতেই কেন্দ্ৰক দাবী পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 20, 2021 4:26 pm
Punjab CM on Farm Law

পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছত প্ৰথমখন সংবাদ মেলতে তিনিওখন ক’লা কৃষি আইন বাতিলৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনালে চৰণজিত সিং চন্নীয়ে।

‘আমি এক শক্তিশালী পঞ্জাৱ গঠনৰ পক্ষত আছো। পঞ্জাৱ মূলতঃ কৃষকৰ ৰাজ্য। মই নিজৰ মৃত্যুৰ বাবে সাজু আছো,কিন্তু কৃষকৰ অনিষ্ট হ’ব পৰা কোনো কাৰ্য হ’বলৈ নিদিওঁ। মই কেন্দ্ৰীয় চৰকাৰক তিনিওখন কৃষি আইন বাতিল কৰিবলৈ আহ্বান জনাইছো’- সংবাদ মেলত এই ভাষ্য পঞ্জাৱৰ নৱ মুখ্যমন্ত্ৰী গৰাকীৰ।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্ত্তন কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীত দেশৰ বিভিন্ন স্থানত কৃষক সকলে দীৰ্ঘ দিন ধৰি প্ৰতিবাদ কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰৰ লগত প্ৰতিবাদকাৰী কৃষক সকলে কেইবালানিও আলোচনাত মিলিত হৈছে যদিও কৃষি আইন বাতিল নোহোৱাৰ বাবে আন্দোলন অব্যাহত ৰাখিছে কৃষক সকলে। এই আন্দোলনত পঞ্জাৱৰ কৃষক সকলে মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে।

এনে সময়তে পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰীয়ে কৃষি আইনৰ বিৰোধীতা কৰি প্ৰতিবাদকাৰী কৃষকসকললৈ নৈতিক সমৰ্থন আগবঢ়াইছে।

সংবাদ মেলত মুখ্যমন্ত্ৰী গৰাকীয়ে অনাগত সময়ত ৰাজ্যত দুৰ্নীতিৰ বিৰুদ্ধেও কঠোৰ স্থিতি লোৱা হ’ব বুলি মন্তব্য কৰে।

নিজকে সাধাৰণ জনতা,কৃষক আৰু উৎপীড়িত জনতাৰ প্ৰতিনিধি হিচাপে আখ্যা দি চৰণজিত সিং চন্নীয়ে কয় যে,তেওঁ ধনীক শ্ৰেণী আৰু অবৈধ কাম-কাজত জড়িত শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰা নাই।

তদুপৰি চন্নীয়ে এজন সাধাৰণ ব্যক্তিক এনে শীৰ্ষ পৰ্যায়ৰ পদবীত নিয়োজিত কৰাৰ বাবে কংগ্ৰেছ দলৰ নেতৃত্বক ধন্যবাদ জনায়। দলক পদবীতকৈ শ্ৰেষ্ঠ হিচাপে অভিহিত কৰি তেওঁ মন্তব্য কৰে যে সকলোৱে কংগ্ৰেছৰ আদৰ্শক অনুকৰণ কৰি এক হৈ থাকিব। কোনেও জাতি আৰু ধৰ্মৰ আধাৰত তেওঁলোকক পৃথক কৰিব নোৱাৰে।

পূৰ্ব মুখ্যমন্ত্ৰী অমৰিন্দ্ৰৰ সিঙৰ চৰকাৰৰ আধৰুৱা কাম-কাজ তেওঁ সমাপন কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে চৰণজিত সিং চন্নীয়ে।