NORTHEAST NOW (Assamese)

‘কা’ আন্দোলনত ভাগ লোৱা বহু প্ৰতিবাদকাৰীৰ সম্পত্তি বাজেয়াপ্তৰ নিৰ্দেশ, ক্ষুদ্ধ উচ্চতম ন্যায়ালয়

February 11, 2022 9:11 pm · এন ই নাও নিউজ,গুৱাহাটী

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ বহু ৰাজ্যত প্ৰতিবাদৰ জোৱাৰ উঠিছিল। সেই সময়ত প্ৰতিবাদকাৰীয়ে বহু ঠাইত ৰাজহুৱা সম্পত্তি ধ্বংসও কৰিছিল। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ চৰকাৰে ৰাজহুৱা সম্পত্তি ধ্বংসৰ অভিযোগত বহু লোকৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ জাননী জাৰি কৰিছে।

উত্তৰ প্ৰদেশ চৰকাৰৰ এনে পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছে উচ্চতম ন্যায়ালয়ে। আজি উচ্চতম ন্যায়ালয়ে কয় যে উত্তৰ প্ৰদেশৰ চৰকাৰে তৎকালে এনে জাননী প্ৰত্যাহাৰ কৰিব লাগে , অন্যথা নায়ালয়ে নিজাববীয়াকৈ তেনে জাননী প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ব বুলি সকিয়াই দিয়ে।

উচ্চতম ন্যায়ালয়ৰ খণ্ডপীঠে কয় যে এনে নিৰ্দেশে আইন উলংঘা কৰিছে। সেয়ে প্ৰক্ৰিয়াটো বাতিল কৰিব লাগিব।
ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড আৰু সূৰ্য কান্তৰ বিচাৰপীঠে কয় যে উত্তৰ প্ৰদেশ চৰকাৰে অভিযুক্তৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ বাবে প্ৰক্ৰিয়া চলাই থকাৰ ক্ষেত্ৰত চৰকাৰ খনে নিজেই অভিযোগকাৰী আৰু ন্যায়াধীশৰ ভূমিকা লৈছে।

উল্লেখ্য পাৰৱাইজ আৰিফ টিটু নামৰ লোক জনে উত্তৰ প্ৰদেশ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।

আবেদনত অভিযোগ কৰা অনুসৰি ছয় বছৰ আগতে ৯৪ বছৰ বয়সত মৃত্যু হোৱা এজন ব্যক্তিৰ বিৰুদ্ধেও এনে জাননী প্ৰেৰণ কৰা হৈছে।

আনহাতে ৯০ বছৰতকৈ অধিক বয়সৰ দুজন লোককো প্ৰতিবাদকাৰী সজাই তেওঁলোকৰ বিৰুদ্ধে এনে জাননী প্ৰেৰণ কৰা হৈছে।
উচ্চতম ন্যায়ালয়ে ১৮ ফেব্ৰুৱাৰীৰ ভিতৰত তেনে জাননী বাতিলৰ নিৰ্দেশ দিয়ে।

Related News