NORTHEAST NOW (Assamese)
অসম

জুবিন ক্ষেত্ৰত সময়ৰ এছ অ’ পি তৎকালে প্ৰত্যাহাৰ কৰক  : আম আদমী পাৰ্টী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 24, 2025 5:17 pm
জুবিন ক্ষেত্ৰত সময়ৰ এছ অ’ পি তৎকালে প্ৰত্যাহাৰ কৰক  : আম আদমী পাৰ্টী

জুবিন ক্ষেত্ৰলৈ ৰাইজ কিমান সময়ৰ পৰা কিমান সময়ৰ ভিতৰত যাব পাৰিব তাৰ সময় নিৰ্দ্ধাৰন কৰাটো দুৰ্ভাগ্যজনক ৰাজ্য চৰকাৰে জাৰি কৰা এই এছ পি তৎকালে প্ৰত্যাহাৰ কৰক এক প্ৰেছ বিবৃতিৰ যোগেদি ৰাজ্য চৰকাৰলৈ এই আহ্বান জনাইছে আম আদমি পাৰ্টী (আপ), অসম য়ে

 বিবৃতিটোত দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সংগঠন) ৰাজীব শইকীয়াই কয়, শিল্পী গৰাকীৰ সমাধিক্ষেত্ৰত যথেষ্ট লোকৰ সমাগম হৈছে গতিকে তাত আইন শৃংখলা পৰিস্থিতি উদ্ভৱ হোৱাটো স্বাভাৱিক আপ নেতাজনে কয় যে, শিল্পী গৰাকীৰ সমাধিক্ষেত্ৰৰ আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ আৰক্ষী নিয়োগ কৰক প্ৰয়োজন লে গৃহৰক্ষী বাহিনী, এন চি চি আদি কেডেট্নিয়োগ কৰক

জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ ৰাইজ দুখ আৰু বিষাদেৰে আহে বুলি মত প্ৰকাশ কৰি আপৰ ৰাজ্যিক নেতা ৰাজীব শইকীয়াই কয়, চৰকাৰে দুখ আৰু বিষাদত থকা মানুহবোৰৰ আবেগ আৰু অনুভূতি হৃদয়ৰে জয় কৰিবলৈ চেষ্টা কৰক এই বিষয়বোৰ ৰাইজ, শিল্পীজনাৰ পৰিয়াল আৰু চৰকাৰৰ সহমতৰ দ্বাৰা সমাধান হোৱা উচিত বুলি মত প্ৰকাশ কৰি আপৰ নেতাজনে কয়, জুবিন গাৰ্গক লৈ আম আদমি পাৰ্টীয়ে আৰু বিতৰ্ক নিবিচাৰে গতিকে আমাৰ সকলো পক্ষলৈ আহ্বানশিল্পীজনাক লৈ বিতৰ্ক পৰা বিষয় এৰাই চলক!