NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত পুনৰ দুগৰাকী লোকৰ মৃত্যু; ৰাজ্যত মৃতকৰ সংখ্যা ৭ গৰাকীলৈ বৃদ্ধি

July 20, 2020 6:18 pm · এন ই নাও নিউজ
প্ৰতীকাত্মক ছবি

অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত সোমবাৰে পুনৰ দুগৰাকী লোকৰ ক’ৰ’না সংক্ৰমণৰ ফলত মৃত্যু হয়।

আজি ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোক দুগৰাকীৰ সৈতে ৰাজ্যখনত এতিয়ালৈ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা সাত গৰাকীলৈ বৃদ্ধি পালে।

ত্ৰিপুৰাৰ স্বাস্থ্য সচিৱ এছ কে ৰাকেশে নৰ্থ-ইষ্ট নাওক ফোনযোগে জনোৱা অনুসৰি আজি ৰাজ্যখনত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোক দুয়োগৰাকী মহিলা।

মৃত্যু হোৱা মহিলা দুগৰাকীৰ এগৰাকী ঢালাই জিলাৰ কমলাপুৰ আৰু আন এগৰাকী চিপাহী জিলাৰ মেলাঘৰৰ বাসিন্দা।

ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা মহিলা দুগৰাকীৰ বয়স ক্ৰমে ৬২ আৰু ৮০ বছৰ।

উল্লেখযোগ্য যে, বিগত দুদিনত ত্ৰিপুৰাত ক’ৰ’না সংক্ৰমিত লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে।

মাত্ৰ দুদিনৰ ভিতৰতে ত্ৰিপুৰাত চাৰি গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

Related News