NORTHEAST NOW (Assamese)

ট্ৰেন্সজেণ্ডাৰ হিচাপে পৰিচয় দিয়াৰ বাবেই নিজ পুত্ৰক হত্যা কৰিলে মাতৃয়ে

December 22, 2021 10:50 am · এন ই নাও নিউজ, গুৱাহাটী

তামিলনাডু আৰক্ষীয়ে এগৰাকী মহিলাক তেওঁৰ পুত্ৰক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি মহিলাগৰাকীয়ে নিজৰ ১৯ বছৰীয়া পুত্ৰক এজন ট্ৰেন্সপাৰ্চন হোৱাৰ বাবেই হত্যা কৰে।

এই নৃশংস ঘটনাটো তামিলনাডুৰ চালেমত সংঘটিত হৈছিল। আৰক্ষীয়ে হত্যাৰ সন্দৰ্ভত আন পাঁচজনক গ্ৰেপ্তাৰ কৰিছে।

হত্যাকাৰী উমাদেৱীৰ পুত্ৰ নবীন কুমাৰে নিজৰ নাম সলনি কৰি অক্ষিতা নামেৰে নামাকৰণ কৰি এগৰাকী ট্ৰেন্সৱ’মেন হিচাপে পৰিচয় দিছিল আৰু বেংগালুৰুত ট্ৰেন্সজেণ্ডাৰ সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে আছিল।

কিছুদিন পূৰ্বে নবীন কুমাৰে অকলে বাস কৰা তেওঁৰ মাকক লগ কৰিছিল। এই ভ্ৰমণত উমাদেৱীয়ে নবীন কুমাৰক ট্ৰেন্সজেণ্ডাৰ পৰিচয় সলনি কৰিবলৈ সৈমান কৰাৰ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

নবীন কুমাৰক সৈমান কৰাত ব্যৰ্থ হোৱাৰ বাবে উমাদেৱীয়ে আন পাঁচজন লোকৰ সৈতে লগ লাগি নবীন কুমাৰক আক্ৰমণ কৰিছিল। গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত নবীনক যোৱা সপ্তাহত এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অৱশেষত আঘাতৰ বাবেই নবীন কুমাৰে চিকিৎসালয়ত মৃত্যুবৰণ কৰে।

আৰক্ষীয়ে কয় যে উমাদেৱীয়ে নবীন কুমাৰক পুৰুষ হৈ থাকিবলৈ হৰমন সম্পৰ্কীয় ঔষধ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল। কুমাৰে এই ঔষধ গ্ৰহণ কৰিবলৈ অমান্তি হোৱাৰ বাবে উমাদেৱী আৰু তেওঁৰ সহযোগীসকলে নবীন কুমাৰক আক্ৰমণ কৰিছিল।

Related News