NORTHEAST NOW (Assamese)

টীয়কত যুৱতীৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

June 12, 2020 11:04 pm · নিৰ্মলেন্দু পাঠক
প্ৰতীকী ছবি।

যোৰহাট জিলাৰ টীয়ক গায়ন গাঁৱৰ ঋতু বৰা নামৰ যুৱতী এগৰাকীৰ মৃতদেহ শুকুৰবাৰে ঘৰৰ সমীপৰ এটা পুখুৰীত উদ্ধাৰ হৈছে।

প্ৰাপ্ত তথ্য মতে বুবুল বৰা নামৰ ব্যক্তিজনৰ ভগ্নী ঋতু বৰা যোৱা নিশাৰ পৰা নিৰুদ্দেশ হৈ আছিল।

পৰিয়ালৰ লোকে কোনো সম্ভেদ নাপাই টীয়ক আৰক্ষীৰ ওচৰ চাপিছিল।

কিন্তু পৰৱৰ্তী সময়ত ওচৰ-চুবুৰীয়াই বিচাৰ-খোচাৰ কৰি ঘৰৰ কাষৰ এটা পুখুৰীত ওপঙি থকা অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

স্থানীয় ৰাইজৰ মতে যুৱতীগৰাকীয়ে অত্যধিক মানসিক চাপত পৰি আত্মহত্যাৰ পথ বাচি ল’ব লগা হ’ল।

টীয়ক আৰক্ষীৰ সহযোগত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেললৈ প্ৰেৰণ কৰা হয়।

Related News