NORTHEAST NOW (Assamese)
Popular Stories

চাঞ্চল্যকৰ! প্ৰতিশ্ৰুতি অনুযায়ী নিজৰ জিভা কাটি মন্দিৰলৈ উচৰ্গা কৰিলে এগৰাকী মহিলাই, ক’ত কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 3, 2021 4:42 pm
চাঞ্চল্যকৰ! প্ৰতিশ্ৰুতি অনুযায়ী নিজৰ জিভা কাটি মন্দিৰলৈ উচৰ্গা কৰিলে এগৰাকী মহিলাই, ক’ত কিয়?

তামিলনাডুৰ বিধানসভা নিৰ্বাচনত ডিএমকেই (দ্ৰাবিড় মুন্নেট্ৰা কাঝাগাম) সুন্দৰ প্ৰদৰ্শন কৰাৰ পাছতে ৰাজ্যখনত সংঘটিত হৈছে এটি চাঞ্চল্যকৰ ঘটনা।

ভণিথা নামৰ ৩২ বৰ্ষীয়া এগৰাকী মহিলাই ডি.এম.কে. বিজয়ী হ’বৰ বাবে নিজৰ জিভাখন কাটি ভগৱানলৈ উচৰ্গা কৰা প্ৰতিশ্ৰুতি কৰিছিল।

সেই মৰ্মে তেওঁ আকুণ্ঠভাৱে সমৰ্থন কৰা দলটো বিজয়ী হোৱাৰ পাছদিনাই সোমবাৰে পুৱা মহিলাগৰাকীয়ে কাষৰীয়া মুথালাম্মন মন্দিৰলৈ যায় আৰু জিভাখন কাটি এটা মন্দিৰটোৰ উপাসনাগৃহত অৱস্থিত আৰাধ্য দেৱতাৰ মূৰ্তিটোলৈ উচৰ্গা কৰে।

কিন্তু ক’ভিড নিৰ্দেশাৱলীমৰ্মে মন্দিৰটোলৈ দৰ্শনাৰ্থী সোমোৱাৰ অনুমতি নাই বাবে তেওঁ কটা জিভাখন মন্দিৰৰ প্ৰৱেশদ্বাৰতে থৈ বাগৰি পৰে।

পাছত তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

উল্লেখযোগ্য যে সুদীৰ্ঘ এটা দশকধৰি ডি.এম.কে.ই ৰাজ্যখনত বিৰোধী দল হিচাপে ৰাজনৈতিক ক্ষেত্ৰতখনত অৱতীৰ্ণ হৈ থকাৰ পাছত শেহতীয়াকৈ ক্ষমতাধীষ্ঠ হৈছে।