NORTHEAST NOW (Assamese)
অসম

কাঠফুলা খাওতে সাৱধান : গোলাঘাটত বিষাক্ত কাঠফুলা খাই মহিলাৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 6, 2023 6:14 pm

বৃহস্পতিবাৰে গোলাঘাট জিলাৰ অন্তৰ্গত মেৰাপানী অঞ্চলত বিষাক্ত কাঠফুলা সেৱন কৰি প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই।

সূত্ৰ অনুসৰি, নিহত তৰালী বৰ্মন নামৰ মহিলাগৰাকীয়ে ২ এপ্ৰিলত নিজৰ পৰিয়াল আৰু অঞ্চলটোৰ আন চাৰিটা পৰিয়ালৰ সৈতে এই মাৰাত্মক কাঠফুলা সেৱন কৰাৰ ফলত অসুস্থ হৈ পৰে।

ইয়াৰ পিছতে চিকিৎসাৰ বাবে তেখেতক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। অৱশ্যে তৰালি বৰ্মনৰ অৱস্থা অধিক অৱনতি ঘটাৰ বাবে চিকিৎসকৰ দলে বহু চেষ্টা কৰাৰ পিছতো তেওঁক ৰক্ষা কৰিব পৰা নগ’ল।

ইফালে, আক্ৰান্ত আন পৰিয়ালকেইটাৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে যদিও এতিয়াও চিকিৎসালয়ত পৰ্যবেক্ষণৰ অধীনত আছে।

ঘটনাৰ সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে জনসাধাৰণক সাৱধান হ’বলৈ আৰু কোনো অজ্ঞাত বা সন্দেহজনক ফলমূল আৰু শাকপাচলি সেৱন নকৰিবলৈ আহ্বান জনাইছে।

ইয়াৰ পূৰ্বে ২ এপ্ৰিলতে পশ্চিম কাৰ্বি আংলং জিলা বৰমাজানত বিষাক্ত কাঠফুলা সেৱন কৰি এজন লোকৰ মৃত্যু হৈছিল। নিহত লোকজনৰ নাম মিথু আমছুং।

সূত্ৰ অনুসৰি, পাহাৰৰ কৃষি ভূমিৰ পৰা মিথুৰ পৰিয়ালৰ লোকে এই বনৰীয়া কাঠফুলা সংগ্ৰহ কৰিছিল। সেই নিশাই পাঁচজনীয়া পৰিয়ালটোৰ আটাইকেইজন লোক কাঠফুলা সেৱন কৰি অসুস্থ হৈ পৰে।

সংকটজনক অৱস্থাত মিথুক মৰিগাঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা যদিও চিকিৎসাধীন অৱস্থাতে মিথুৱে শেষ নিশ্বাস কৰে।