NORTHEAST NOW (Assamese)

সুস্বাদু বিৰিয়ানীয়ে মাতি আনিলে কাল! খোৱাৰ পাছতে এগৰাকী মহিলাৰ মৃত্যু,১৭৮ গৰাকীত চিকিৎসালয়ত ভৰ্তি

May 28, 2024 5:35 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 28, 2024 5:41 pm

বিৰিয়ানী নামটো শুনিলেই বহু লোকৰ জিভাৰ পানী ওলায়৷কোনোবাই যদি খাদ্যৰসিক ব্যক্তিৰ আগত বিৰিয়ানীৰ প্লেট এখন ৰাখে তেন্তে ৰেকৰ্ড সময়ত বিৰিয়ানী শেষ হৈ যায়। কিন্তু কেৰালাত এই বিৰিয়ানীয়েই বিভীষিকাৰ সৃষ্টি কৰিছে। ৰেষ্টুৰেণ্টৰ পৰা বিৰিয়ানী খাই মৃত্যু হয় এগৰাকী মহিলাৰ। আৰু এই মুহূৰ্তলৈকে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈছে ১৭৮জন লোক!

কেৰালাৰ থ্ৰিছুৰ জিলাৰ পেৰিঞ্জনাম অঞ্চলৰ এখন ৰেষ্টুৰেণ্টতো বিক্ৰী হৈছিল ‘বিৰিয়ানী’। যোৱা কেইদিনমানৰ পৰা তাত বৰ ভিৰ আছিল। শ শ লোকে সেই বিৰিয়ানী খাইছে। অৱশ্যে যোৱা শনিবাৰে সংঘটিত হোৱা ঘটনাই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। কাৰণ এই বিৰিয়ানী খাই এগৰাকী মহিলাৰ মৃত্যু হৈছে। তেওঁৰ নাম উজাইবা, বয়স ৫৬ বছৰ। ইয়াৰ উপৰিও ডায়েৰিয়াৰ লক্ষণ থকা ১৭৮ জন লোক স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

আৰক্ষীৰ মতে, সেই ৰেষ্টুৰেণ্টৰ পৰা বিৰিয়ানী খোৱাৰ গ্ৰাহকসকলে বমি কৰি পেটৰ তীব্ৰ সমস্যাত ভোগে। পেটৰ বিষত বহুতো লোক প্ৰায় অজ্ঞান হৈ পৰে। সেই গ্ৰাহকসকলক ক্ষন্তেকতে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰা হয়। আৰক্ষীৰ মতে, বিষক্ৰিয়াৰ বাবেই এই ঘটনা সংঘটিত হৈছে। তেওঁলোকৰ সৈতে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে খাদ্য সুৰক্ষা বিভাগে।

আচলতে যিটো খাদ্যক বিৰিয়ানী বুলি কোৱা হৈছে, সেইটো আচলতে বিৰিয়ানী নহয়। এই খাদ্য ‘কুজিমন্থি’ নামৰ য়েমেনৰ খাদ্যৰ ৰেচিপিৰ পৰা অনুপ্ৰাণিত। দেখাত সম্পূৰ্ণ বিৰিয়ানীৰ দৰে যদিও ইয়াৰ সোৱাদ আৰু গোন্ধ বেলেগ। আৰু ইয়াৰ লগত মেয়নেজ পৰিবেশন কৰা হয়। আৰক্ষীৰ মতে, সেই মেয়নেজৰ পৰাই বিষক্ৰিয়া সংঘটিত হৈছে। এতিয়াৰ বাবে ৰেষ্টুৰেণ্টখন বন্ধ কৰি ৰখাৰ বাহিৰেও মালিকক জেৰা কৰি আছে।

ইতিমধ্যে ৰেষ্টুৰেণ্টখনত পৰিবেশন কৰা বিৰিয়ানীৰ নমুনাৰে ​​পৰীক্ষা আৰম্ভ হৈছে। ইয়াৰ উপৰিও তাত ব্যৱহৃত বাচন-বৰ্তনসমূহো পৰীক্ষা কৰা হ’ব। ৰেষ্টুৰেণ্টখনে সঠিক পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিছিল নে নাই সেয়া কৰ্তৃপক্ষই পৰ্যবেক্ষণ কৰিব৷

Related News