NORTHEAST NOW (Assamese)

চিৰাঙত মহিলাক দলৱদ্ধ ধৰ্ষণ, হত্যা

March 25, 2020 12:10 pm · ৰিনয় বসুমতাৰী
Updated: March 25, 2020 12:13 pm
প্ৰতিনিধিত্বমূলক ফটো

কৰোনা ভাইৰাছৰ আতংকই সমগ্ৰ বিশ্বৰ জনসাধাৰণক উদ্বিগ্ন কৰি ৰখাৰ সময়তে চিৰাঙত এগৰাকী মহিলাক মঙলবাৰে দলৱদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অভিযোগ অনুসৰি, এগৰাকী ৩৮ বছৰীয়া মহিলাক ভাৰত-ভূটান সীমান্তৰ চিৰাং জিলাৰ ৰুণীখাটা আৰক্ষী থানাৰ অন্তৰ্গত জৈনপুৰ অঞ্চলত চাৰিজন যুৱকে সোমবাৰে দলৱদ্ধভাৱে ধৰ্ষণ কৰিছিল।

বাতৰি অনুসৰি, মহিলাগৰাকীক তেওঁৰ ঘৰৰ পৰা অপহৰণ কৰি নিয়া হৈছিল আৰু এখন শ্লুইছ গেইটৰ ওচৰত ধৰ্ষণ কৰি হত্যা কৰে।

মহিলাগৰাকীৰ মৃতদেহ মঙলবাৰে উদ্ধাৰ কৰা হয়।

‘’আমি মৃতদেহটো উদ্ধাৰ কৰিছো আৰু এই সন্দৰ্ভত দুজন যুৱক মটকা মাৰ্ডি(২১) আৰু পুসু বাস্কে(২০)গ্ৰেপ্তাৰ কৰা হৈছে। এই সংক্ৰান্তত আৰু দুজন অভিযুক্তক বিচাৰি থকা হৈছে,’’-ৰুণীখাটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম কুমাৰ ব্ৰহ্মই কয়।

উল্লেখ্য যে অহা ৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ৪০জনীয়া বিটিচি পৰিষদৰ নিৰ্বাচন কৰ’না ভাইৰাছৰ আতংকৰ বাবে স্থগিত ৰখা হৈছে।

Related News