NORTHEAST NOW (Assamese)

চলন্ত ৰে’লতে সন্তান জন্ম দিলে মহিলাইঃ সন্তানৰ নাম ৰাখিলে ৰে’লৰ নামেৰে

March 23, 2024 6:29 pm · এন ই নাও নিউজ, গুৱাহাটী

মধ্যপ্ৰদেশৰ বিদিশা জিলাত আজি এগৰাকী মহিলাই এটি সন্তান জন্ম দিয়ে। সন্তান জন্ম দিয়াৰ কথাটি তেনেই সাধাৰণ হ’লেও ইয়াৰ আঁৰত আছে এক বিশেষ খবৰ।

মহিলাগৰাকীয়ে এখন চলন্ত ৰে’লতে জন্ম দিয়ে সন্তানটি। মুম্বাই-বাৰানসী কামায়নী এক্সপ্ৰেছত মহিলাগৰাকীয়ে প্ৰসৱ কৰে এটি কন্যা সন্তান।

মহিলাগৰাকীয়ে নিজ স্বামীৰ সৈতে মহাৰাষ্ট্ৰৰ নাচিকৰ পৰা মধ্য প্ৰদেশৰ সতনা অভিমুখে ৰাওনা হৈছিল। যাত্ৰা পথতে ভোপাল-বিদিশাৰ মাজভাগত প্ৰসৱ বেদনা আহে মহিলাগৰাকীৰ।

ৰে’ল সুৰক্ষা বাহিনীৰ এগৰাকী বিষয়াই সদৰী কৰা মতে, একেখন ডবাত যাত্ৰা কৰা দুগৰাকী মহিলাই সন্তান প্ৰসৱ কৰিবলৈ ওলোৱা মহিলাগৰাকীক সহায় কৰে।

ডবাটোত থকা আন এগৰাকী  পুৰুষ যাত্ৰীয়ে এই বিষয়ে আৰ পি এফক অৱগত কৰে বুলি বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে।

ৰে’লখনে বিদিশা ৰে’লৱে ষ্টেচনত উপস্থিত হোৱাৰ পিছতে নৱজাতক আৰু মাতৃক ততাতৈয়াকৈ স্বাস্থ্য পৰীক্ষাৰ বাবে হৰডা জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

অৱশ্যে মাতৃ-কন্যা দুয়োৰে স্বাস্থ্যৰ অৱস্থা ভাল বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে।

ইফালে পৰিয়ালৰ লোকে কামায়নী এক্সপ্ৰেছত সন্তানটিৰ জন্ম হোৱা বাবে আনন্দতে সন্তানটিৰ নাম ‘কামায়নী’ নামেৰে নামাকৰণ কৰে।

Related News