NORTHEAST NOW (Assamese)

মাতৃত্বক কলংকিত কৰা পাশৱিক কাণ্ড: পুত্ৰ সন্তানৰ মোহত ৬ বছৰীয়া কন্যাক হত্যা মাতৃৰ!

December 28, 2025 1:13 pm · এন ই নাও নিউজ, গুৱাহাটী

সমাজত আজিও শিপাই থকা পুত্ৰ সন্তানৰ প্ৰবল মোহে এগৰাকী কোমল বয়সীয়া শিশুৰ প্ৰাণ কাঢ়ি ল’ব পাৰে। মহাৰাষ্ট্ৰৰ নবী মুম্বাইত সংঘটিত এক বৰ্বৰ কাণ্ডই এই কথাৰ প্ৰমাণ দাঙি ধৰিছে। কেৱল পুত্ৰ সন্তান লাভ নকৰাৰ ক্ষোভ আৰু ৬ বছৰীয়া কন্যাটিয়ে মাৰাঠীৰ সলনি হিন্দী ভাষা কোৱাৰ বাবেই নিজ জন্মদাত্রী মাতৃয়ে ডিঙি চেপি হত্যা কৰিলে নিষ্পাপ কন্যা সন্তানক।

এই বৰ্বৰ ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ নবী মুম্বাইৰ কলম্বোলী অঞ্চলত। আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ২৩ ডিচেম্বৰত ৩০ বছৰীয়া অভিযুক্ত মহিলাগৰাকীয়ে তেওঁৰ ৬ বছৰীয়া কন্যাক অচেতন অৱস্থাত চিকিৎসালয়লৈ লৈ গৈছিল। চিকিৎসালয়ত তেওঁ চিকিৎসক জনায় যে শিশুটি হঠাতে অসুস্থ হৈ পৰিছে। কিন্তু চিকিৎসকে পৰীক্ষা কৰাৰ পাছতেই শিশুটিক মৃত ঘোষণা কৰে। মৃত্যুৰ কাৰণক লৈ সন্দেহ হোৱাত চিকিৎসকে লগে লগে আৰক্ষীক খবৰ দিয়ে।

প্ৰথম অৱস্থাত আৰক্ষীয়ে ইয়াক এক স্বাভাৱিক মৃত্যু বুলি ভাবিছিল যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে সকলোকে স্তব্ধ কৰি দিয়ে। প্ৰতিবেদনত স্পষ্ট হয় যে শিশুটিৰ মৃত্যু স্বাভাৱিক নাছিল, বৰঞ্চ ডিঙি চেপি ধৰাৰ ফলত উশাহ বন্ধ হৈহে মৃত্যু হৈছে। ইয়াৰ পাছতেই আৰক্ষীয়ে মাতৃগৰাকীক আটক কৰি জেৰা চলায়।

আৰক্ষীৰ কঠোৰ জেৰাৰ সন্মুখত মাতৃগৰাকীয়ে নিজৰ দোষ স্বীকাৰ কৰে। তেওঁ এই হত্যাকাণ্ডৰ আঁৰত যিবোৰ কাৰণ দৰ্শাইছে, সেয়া শুনিলে যিকোনো সভ্য মানুহৰ চকু কপালত উঠিব।

পুত্ৰ সন্তানৰ মোহৰ বাবেই মহিলাগৰাকীয়ে ৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। দ্বিতীয়বাৰো কন্যা সন্তান জন্ম হোৱাত তেওঁ মানসিকভাৱে ক্ষুব্ধ হৈ পৰিছিল। অভিযুক্ত মহিলাগৰাকীয়ে লগতে আৰু কয় যে ৬ বছৰীয়া কন্যাটিয়ে তেওঁলোকৰ মাতৃভাষা মাৰাঠী নকৈ হিন্দী ক’বলৈ লৈছিল। এই কথাটোত মাতৃগৰাকী সন্তুষ্ট নাছিল।

কলম্বোলী আৰক্ষীৰ জ্যেষ্ঠ বিষয়াই জনোৱা মতে, অভিযুক্ত মহিলাগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু আদালতে তেওঁক ৩০ ডিচেম্বৰ পৰ্যন্ত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। এই জঘন্য অপৰাধত পৰিয়ালৰ অন্য কোনো লোকৰ উচটনি আছিল নেকি, সেই দিশটোও আৰক্ষীয়ে বৰ্তমান তন্ন তন্নকৈ পৰীক্ষা কৰি আছে।

মাতৃৰ হাতত ৬ বছৰীয়া কন্যা সন্তানৰ মৃত্যুৰ এই ঘটনাই বৰ্তমান সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আধুনিকতাৰ মুখা পিন্ধা সমাজখনত আজিও যে পুত্ৰ সন্তানৰ বাবে কন্যা সন্তান বলি হয়, সেয়া আকৌ এবাৰ প্ৰমাণিত হ’ল।

Related News