NORTHEAST NOW (Assamese)

কোকৰাঝাৰত দুই কণমানি সন্তানক ঘপিয়াই হত্যা কৰি মাতৃৰ আত্মহনন

April 28, 2019 1:52 pm · ৰিনয় বসুমতাৰী
Updated: April 28, 2019 2:24 pm

জীৱন যন্ত্ৰনাই কিমান নিষ্ঠুৰ কৰিলে এগৰাকী জন্মদাত্ৰী মাতৃয়ে নিজৰ দুই সন্তানক হত্যা কৰি নিজেও শৰীৰত কেৰাচিন ঢালি আত্মহত্যা কৰিব পাৰে? গা শিয়ঁৰি উঠা এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত বেচিমাৰী গাঁৱৰ দীনবন্ধু দাসৰ ঘৰত।

স্বামীৰ অনুপস্থিতিত দাসৰ পত্নী সুজলা দাসে (২৮) শনিবাৰে নিশা তেওঁলোকৰ দুই কণমানি সন্তান ক্ৰমে ৰিম্পা দাস (৯) আৰু দিগন্ত দাস(২)ক দাৰে উপৰ্যুপৰি ঘপিয়াই হত্যা কৰাৰ পিছত নিজেও আত্মহত্যা কৰে।

উল্লেখযোগ্য যে এগৰাকী সাধাৰণ ৰং মিস্ত্ৰী দীনবন্ধু দাসৰ দুয়োটি সন্তানেই জন্মগতভাৱে দিব্যাংগ আছিল। দুই দিব্যাংগ কন্যা আৰু পুত্ৰক লৈ পিতৃ-মাতৃয়ে পাৰ কৰিলে বহু উজাগৰি নিশা, উৰুখা পজাঁৰে সৰকি গ’ল বহু কান্দোন আৰু চকুপানী।

তথাপি হাৰ মানিব নুখুজা দাসে প্ৰথমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সন্তান দুটিৰ চিকিৎসা চলাই নিছিল যদিও অৰ্থাভাৱত পৰি শেষত ফকিৰাগ্ৰামতে চিকিৎসা অব্যাহত ৰাখে। অৰ্থাভাৱ, মানসিক অশান্তিয়ে ক্ৰমান্বয়ে পৰিয়ালটোক কোঙা কৰি আনিছিল।

নিহত দুই সন্তানৰ পিতৃ দীনবন্ধু দাস

ইয়াৰ মজাতে কালি অৰ্থাৎ ২৭ জানুৱাৰীৰ সন্ধিয়া আন দিনাৰ দৰে কামৰ পৰা ঘৰলৈ অহা দীনবন্ধুয়ে যি দৃশ্য প্ৰতক্ষ্য কৰিলে সেয়া হয়টো তেওঁ সপোনটো ভৱা নাছিল। ঘৰৰ ভিতৰত মাথো তেজ, তেজ আৰু প্ৰায় সম্পূৰ্ণৰূপে পুৰি যোৱা মৃতদেহ!

দুই অবোধ শিশুৰ প্ৰায় গল ছিন্ন হোৱা মৃতদেহ বিছনাতে তেজৰ ডোঙাত পৰি আছে, দাৰ ঘাপত দুইবছৰীয়া দিগন্তৰ জিভা পৰ্যন্ত বাহিৰলৈ ওলাই আহিছে। আনহাতে সন্তানক হত্যাকৰা দাসৰ পত্নীৰ মৃতদেহ মজিয়াত দেহৰ প্ৰায় ৯০ শতাংশই পুৰি যোৱা অৱস্থাত পৰি আছে।

পিছত গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীক অৱগত কৰাত কোকৰাঝাৰ সদৰ উপ আৰক্ষী অধীক্ষক পুৰনজিৎ নাথৰ নেতৃত্বত আৰক্ষী বাহিনীৰ লোক তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ সদৰ চহৰলৈ অনাৰ ব্যৱস্থা কৰে।

উপ আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰাথমিক তদন্তত দুই সন্তানক হত্যা কৰি পৰবৰ্তী পৰ্যায়ত মাতৃগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰি মৰণোত্তৰ পৰীক্ষা আৰু তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে বিষয়টো পৰিষ্কাৰ হ’ব বুলি জনায়।

Related News